যোৰহাট, ২৫ ছেপ্টেম্বৰ (হি.স.)। যোৰহাটত অসম সাহিত্য সভাৰ সংবাদমেল । জুবিন গাৰ্গলৈ মৰণোত্তৰ ভাবে ভাৰত ৰত্ন প্ৰদানৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ। অসম চৰকাৰলৈ সহযোগিতা আগবঢ়াবলৈ আবেদন জনাই পত্ৰ প্ৰেৰণ অসম সাহিত্য সভাৰ। জুবিন গাৰ্গৰ সমগ্ৰ ৰচনা হিন্দী , ইংৰাজী অসমীয়া ভাষাত প্ৰকাশ কৰাৰ সিদ্ধান্ত।
১৯ ছেপ্টেম্বৰৰ পৰা ২৩ ছেপ্টেম্বৰলৈ একেৰাহে জুবিনৰ অন্তিম সৎকাৰলৈকে একেৰাহে লাগি থাকি মুখ্যমন্ত্ৰী জনে চৰকাৰ খন যে ৰাইজৰ চৰকাৰ সেয়া প্ৰতিষ্ঠা কৰিলে বুলি অসম সাহিত্য সভাৰ সংবাদমেলত সভাপতি গৰাকী উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু