তামুলপুৰ ২৫ ছেপ্তেম্বৰ (হি.স.)। বিগত ২২ ছেপ্টেম্বৰত বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈ যোৱাৰ পাছত আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নিৰ্বাচনী পৰ্যৱেক্ষকদ্বয় অতুল কুমাৰ শৰ্মা আৰু ক্ষিতীশ চন্দ্ৰ পেগুৰ উপস্থিতিত নিৰ্বাচনী ব্যয় সম্পৰ্কীয় এখন সভা অনুষ্ঠিত হয়। ইয়াৰ পুৰ্বে এই সন্দৰ্ভত আন দুখন সভা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে।
পুৰ্বৰ সভা কেই খনৰ দৰে আজিৰ সভাতো জিলাখনৰ পাঁচোটা পৰিষদীয় সমষ্টি― ২৬-দৰঙাজুলি (জনজাতি), ২৭-নাগ্ৰীজুলি (অজনজাতি), ২৮-গয়বাৰী (জনজাতি), ২৯-শুক্লাই ছেৰফাং (জনজাতি) আৰু ৩০-গোৰেশ্বৰ (জনজাতি)-ৰ প্ৰাৰ্থী সকলৰ প্ৰতিনিধি সকলে নিৰ্বাচনী ব্যয় সম্পৰ্কীয় হিচাপ-নিকাচসমূহ পৰ্যৱেক্ষক দ্বয়ৰ সন্মুখত দাঙি ধৰে। উল্লেখ্য যে চূড়ান্ত হিচাপ-নিকাচ এমাহৰ ভিতৰত দাখিল কৰিব লাগিব বুলি পৰ্যৱেক্ষক দ্বয়ে জনাইছে। আজিৰ সভাত নিৰ্বাচনী পৰ্যৱেক্ষকৰ প্ৰ'টকল বিষয়া কিংশুক ৰক্তিম কুমাৰ আৰু সুশান্ত বৰগোঁহাইকে ধৰি গাণনিক তথা প্ৰাৰ্থী সকলৰ প্ৰতিনিধি সকল উপস্থিত আছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ