গুৱাহাটী, ২৫ ছেপ্তেম্বৰ (হি.স.)। ভাৰতীয় জনসংঘৰ অন্যতম প্ৰতিষ্ঠাপক, একাত্ম মানৱতাবাদৰ প্রণেতা, সুদক্ষ সংগঠক তথা ভাৰতীয় জনতা পাৰ্টিৰ মাৰ্গ দৰ্শক পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী উপলক্ষে সেৱা পষেকৰ লগত সংগতি ৰাখি আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দলীয় কাৰ্যকৰ্তা সকলৰ সহযোগত এখন আলোচনা চক্ৰ আয়োজিত হৈ যায়। পুৱাৰ ভাগত দলৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পণ্ডিত দীনদয়াল উপাধ্যায়ক শ্ৰদ্ধা নিবেদন কৰি কয় যে, ৰাষ্ট্ৰীয় এঁক্য, সমাজ সেৱা, মূল্যবোধৰ বাণীৰে আমাক অনুপ্রাণিত কৰি থৈ যোৱা মহান ভাৰতীয় পণ্ডিত দীনদয়াল উপাধ্যায়ক শ্ৰদ্ধাৰে সুঁৱৰিছো।
ভাৰতীয় জীৱনশৈলীৰ আত্মা, সংস্কৃতি, ঐতিহ্যক শক্তিশালী ৰূপত প্রতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওৰ ভূমিকা আছিল অন্যান্য আৰু ব্যতিক্ৰমী। ৰাজনৈতিক জীৱন দৰ্শনতো তেও আমাৰ বাবে অনুপ্রেৰণাৰ উৎস। তেওৰ আদৰ্শ আৰু সপোনৰ বাটেৰে আগুৱাই এখন শক্তিশালী সমাজ গঢ়িবলৈ আমি প্রয়াস কৰি গৈছোঁ। লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে, পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শন অন্ত্যোদয়া আৰু গৰীৱ কল্যাণ সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিভিন্ন জনহিতকৰ কাৰ্যসূচী হাতত লৈছে বুলি উল্লেখ কৰে।
ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম জয়ন্তী উপলক্ষে তেওঁৰ ভাষণত কয় যে, আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ ভেঁটি ‘ভাৰত মাতা’। প্ৰখৰ ৰাষ্ট্ৰবাদী, ভাৰতীয় জন সংঘৰ অন্যতম প্রতিষ্ঠাপক সাধাৰণ সম্পাদক, পৰৱৰ্তী সময়ত জন সংঘৰ ৰাষ্ট্ৰীয় সভাপতিৰূপে দায়িত্ব নিৰ্বাহ কৰা মা ভাৰতীৰআজন্ম সেৱক যুগদ্ৰষ্টা পণ্ডিত দীনদয়াল উপাধ্যায়ক তেখেতৰ জন্ম জয়ন্তীত শ্ৰদ্ধাৰে স্মৰণ কৰে। ভাষণ প্রসংগত সভাপতি শইকীয়াই কয় যে, যি দৰ্শনে আমাক উদুদ্ধ কৰে সেই দৰ্শন হ’ল একাত্ম মানৱ দৰ্শন আৰুসেই দৰ্শনক আকোৱালী লোৱা দল হ’ল ভাৰতীয় জনতা পাৰ্টি। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ গঢ়াৰ বাবে চৰৈৱতী চৰৈৱতী মন্ত্ৰৰে আমি সদায় আগবাঢ়ি গৈ আছো। পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আন এক চিন্তাধাৰা আছিল যে পৃথিৱীৰ সমগ্ৰ জীৱ-জগতৰ বাবে আমি মনুষ্য জাতিয়ে চিন্তা কৰিব লাগে। অন্ত্যোদয়াৰ দৃষ্টিকোণেৰে মানৱকল্যাণৰ বিশ্বজনীনতাক স্বীকৃতি প্রদান কৰা আৰু স্বমহিমাৰে আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত এই মহান প্রনেতা গৰাকীৰ আদৰ্শ চিৰকালৰ বাবে অনুপ্রেৰণাৰ অমল উৎস হৈ থাকিব বুলি উল্লেখ কৰে।
অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক আৰু বস্ত্ৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক জী.আৰ. ৰবীন্দ্ৰ ৰাজু, উপ-সভাপতি্দ্বয় অশোক ভট্টৰায়, জুৰী শৰ্মা বৰদলৈ সহিতে দলৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ