কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
গোলাঘাট, ২৫ ছেপ্টেম্বৰ (হি.স.)। কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বাগৰী বনাঞ্চলত পুৱা ৭ ৩০ বজাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,অতুল বৰা,কেশৱ মহন্ত,অজন্তা নেওগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত
কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান


গোলাঘাট, ২৫ ছেপ্টেম্বৰ (হি.স.)। কাইলৈ দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হব বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ বাগৰী বনাঞ্চলত পুৱা ৭ ৩০ বজাত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,অতুল বৰা,কেশৱ মহন্ত,অজন্তা নেওগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ উপস্থিতিত ২০২৫-২৬ পৰ্যটন বৰ্ষৰ মুকলি হব কাজিৰঙাৰ দুৱাৰ।

নতুন সংযোজনেৰে পৰ্যটকক আদৰিবলৈ সাজু এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ ৷ “কমিউনিটি ইনভলভমেণ্ট”ক মুলমন্ত্ৰ হিচাপে লৈ সাজু হৈছে উদ্যান কৰ্তৃপক্ষ ৷ প্ৰথম অৱস্থাত উদ্যান খনৰ বাগৰী বনাঞ্চল পৰ্যটকৰ বাবে মুকলি কৰাৰ পৰিকল্পনা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ ৷

ইক’ টুৰিজিম,স্বচ্ছতা,নদী পৰ্যটন,চাইক্লিং,ট্ৰেকিংত অধিক গুৰুত্ব দিয়াৰ লগতে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সম্পুৰ্ণৰূপে নিষিদ্ধ কৰাৰ পৰিকল্পনা উদ্যান কৰ্তৃপক্ষৰ । সমান্তৰালকে কাজিৰঙাৰ বাহিৰৰ এখন কাজিৰঙা পৰ্যটকৰ আগত উপস্থাপন কৰাৰ পৰিকল্পনা প্ৰকাশ সঞ্চালক সোণালী ঘোষৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande