কৰণ জোহৰৰ ‘দোস্তানা ২’ত নতুন মুখ, বিক্ৰান্ত মেছেৰ প্ৰৱেশ
বহু পলম হোৱাৰ পিছত পুনৰ শুদ্ধ পথত আগবাঢ়িছে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ বহু প্ৰত্যাশিত ছবি দোস্তানা ২। প্ৰথম অৱস্থাত কাৰ্তিক আৰ্য্য আৰু জাহ্নৱী কাপুৰে ছবিখনত অভিনয় কৰাৰ কথা আছিল, আনকি দুয়োজনে প্ৰায় ৩০-৩৫ দিন শ্বুটিং কৰিছিল। অৱশ্যে হঠাতে প্ৰকল্পটো
विक्रांत मैसी - फोटो सोर्स इंस्टाग्राम


বহু পলম হোৱাৰ পিছত পুনৰ শুদ্ধ পথত আগবাঢ়িছে চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰৰ বহু প্ৰত্যাশিত ছবি দোস্তানা ২। প্ৰথম অৱস্থাত কাৰ্তিক আৰ্য্য আৰু জাহ্নৱী কাপুৰে ছবিখনত অভিনয় কৰাৰ কথা আছিল, আনকি দুয়োজনে প্ৰায় ৩০-৩৫ দিন শ্বুটিং কৰিছিল। অৱশ্যে হঠাতে প্ৰকল্পটো শ্বেলফত ৰখা হৈছিল। শেহতীয়া আপডেট অনুসৰি ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেতা বিক্ৰান্ত মেছেই দোস্তানা ২ৰ অভিনেতা-অভিনেত্ৰীত যোগদান কৰিছে বুলি অভিনেতাজনে নিজেই নিশ্চিত কৰিছে।

এক সাক্ষাৎকাৰত বিক্ৰান্ত মেছেই নিশ্চিত কৰে যে তেওঁ দোস্তানা ২ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে, কৰণ জোহৰৰ সৈতে তেওঁৰ প্ৰথম প্ৰজেক্ট। কাৰ্তিক আৰ্য্যৰ ঠাইত তেওঁ ছবিখনত যোগদান কৰাৰ কথা প্ৰকাশ কৰে। তদুপৰি লক্ষ্য লালৱানীকো মুখ্য চৰিত্ৰত দেখা যাব। বিক্ৰান্তই ক'লে, মই 'দোস্তানা ২' কৰি আছো। এইখন মোৰ প্ৰথম ধৰ্ম প্ৰডাকচনৰ ছবি মই ভাবো এই খবৰটো ইতিমধ্যে ওলাইছিল।”

বিক্ৰান্ত মেছেই প্ৰকাশ কৰে যে তেওঁৰ চৰিত্ৰটো দোস্তানা ২ত নতুন অৱতাৰত দেখা যাব। তেওঁ কয়, চিনেমাখনত মোক ষ্টাইলিছ ডিজাইনাৰ কাপোৰ আৰু চশমা পিন্ধা দেখিব। কৰণ ছাৰে মোৰ লুকটো একেবাৰে নিখুঁত হোৱাটো নিশ্চিত কৰিছে। কিন্তু বিক্ৰান্তই ছবিখনৰ মুখ্য অভিনেত্ৰীগৰাকীৰ নাম শ্বেয়াৰ কৰিবলৈ অস্বীকাৰ কৰি কয় যে কৰণ ছাৰে ঘোষণা কৰিব। ইতিমধ্যে ইউৰোপত আৰম্ভ হৈছে দোস্তানা ২ৰ শ্বুটিং।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande