অক্ষয় কুমাৰ আৰু আৰ্শ্বদ ৱাৰ্ছী অভিনীত ছবি ‘জলী এল এল বি ৩’ মুক্তি পোৱাৰ প্ৰায় এসপ্তাহ হ’ল। ১৯ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পোৱা এই আদালতৰ ছবিখনে মুকলি সপ্তাহৰ শেষৰ ফালে ভাল উপাৰ্জন কৰিবলৈ সক্ষম হয়। কিন্তু কৰ্মদিনত ছবিখনৰ গতিবেগ যেন লেহেমীয়া হৈ আহিছে, দৈনিক সংগ্ৰহ ক্ৰমাগতভাৱে হ্ৰাস পাইছে। মুক্তিৰ ষষ্ঠ দিনত ছবিখনৰ বক্স অফিচত প্ৰদৰ্শনৰ ওপৰত এতিয়া সকলোৰে দৃষ্টি।
বক্স অফিচ ট্ৰেকাৰ চাকনিল্কৰ তথ্য অনুসৰি, ‘জলি এল এল বি ৩’ মুক্তিৰ ষষ্ঠ দিনটোত প্ৰায় ৪.২৫ কোটি টকা উপাৰ্জন কৰে। ইয়াৰ ফলত ছবিখনৰ বক্স অফিচত মুঠ সংগ্ৰহ ৬৯.৭৫ কোটি টকা হৈছে। মন কৰিবলগীয়া যে ছবিখনৰ প্ৰথম দিনাই ₹১২.৫ কোটি টকাৰে মুকলি কৰা হৈছিল। দ্বিতীয় দিনা ২০ কোটি ₹, তৃতীয় দিনা ২১ কোটি ₹, চতুৰ্থ দিনত ৫.৫ কোটি ₹, পঞ্চম দিনা ৬.৫ কোটি ₹ উপাৰ্জন কৰে ছবিখনে।
সুভাষ কাপুৰৰ পৰিচালনাত নিৰ্মিত জলি এল এল বি ৩ ছবিত সৌৰভ শুক্লা, অমৃতা ৰাও, আৰু হুম কুৰেশ্বীয়ে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। ছবিগৃহত চলি থকাৰ পিছত অতি সোনকালে ছবিখন জিঅ’ হটষ্টাৰত প্ৰচাৰ হ’ব। নেটফ্লিক্সেও নিজৰ অ’টিটি অধিকাৰ লাভ কৰিছে। বক্স অফিচত বৰ্তমান ছবিখনে মিৰায়, স্নাইপাৰ, অজয়, থে কল হিম অ' জি আদি ছবিৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া