ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাষণ দি কয় যে ইজৰাইলকো নিৰাপত্তাৰ নিশ্চয়তা দিয়া উচিত
নিউয়ৰ্ক, ২৫ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোও ছুবিয়ানোৰ ভাষণ চৰ্চাৰ বিষয় হৈ পৰিছে। ভাষণৰ সময়ত প্ৰবোৱে ওমকাৰ (অম শান্তি ওম) শব্দটো উচ্চাৰণ কৰি ওম শান্তি ওমৰে সামৰণি মাৰে। তেওঁ নমো বুদ্ধায় আৰু ইহুদীসকলৰ অভিবাদন শ্বালম বুলিও কৈছিল। ভাষণৰ সময়ত প্ৰবোৱে ইজৰাইলৰ সমৰ্থনত এক শক্তিশালী বক্তব্য আগবঢ়ায়। তেওঁ শান্তি, ন্যায় আৰু মানৱতাৰ বাবে বিশ্বব্যাপী সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ইজৰাইলক নিৰাপত্তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ আহ্বান জনায়।
প্ৰবোৱে কয় যে আজি আমি এনে এখন পৃথিৱীত থিয় দিছো য’ত মানৱতাৰ ভৱিষ্যত বিপদত পৰিছে। ভয়, ঘৃণা, বৰ্ণবাদ, আৰু অত্যাচাৰৰ দেৱালে আমাক বিভাজিত কৰে, কিন্তু মই এসময়ত ঔপনিৱেশিক শিকলিৰে বান্ধ খাই থকা ইণ্ডোনেছিয়াৰ পৰা এই বাৰ্তা আনিছো যে শান্তি সম্ভৱ। আমাৰ কাহিনী সংগ্ৰামৰ যদিও আশাৰ কাহিনীও। আমি দাসত্বৰ যন্ত্ৰণা ভোগ কৰিছিলো, তথাপিও আমি স্বাধীনতা আৰু ঐক্যৰ পথ বাছি লৈছিলো।
ভাষণত ইজৰাইলৰ কথা উল্লেখ কৰি ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, আব্ৰাহামৰ উত্তৰাধিকাৰৰ অংশ ইজৰাইল আজি হিংসা আৰু দুখ-কষ্টৰ চক্ৰত আবদ্ধ হৈ আছে। আমি গাজাত সংকট দেখিবলৈ পাওঁ, য'ত হাজাৰ হাজাৰ নিৰীহ লোকৰ জীৱন হেৰুৱাইছে। মই ইজৰাইলৰ জনসাধাৰণক কওঁ যে তেওঁলোকৰ সুৰক্ষা আমাৰ প্ৰাধান্য। আপোনালোকৰ শান্তি আৰু মৰ্যাদাৰে জীয়াই থকাৰ অধিকাৰ আছে, কিন্তু প্ৰকৃত শান্তি তেতিয়াহে আহিব যেতিয়া আমি হিংসাৰ পথ পৰিত্যাগ কৰিম। মানৱতাৰ নামত তাৎক্ষণিক যুদ্ধবিৰতিৰ দাবী জনাইছো।
তেওঁ কয় যে তেওঁৰ দেশ গাজা আৰু ইজৰাইলত শান্তিৰ পথ প্ৰশস্ত কৰিবলৈ ২০ হাজাৰ শান্তিৰক্ষী বাহিনী প্ৰেৰণ কৰিবলৈ সাজু। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “আমি থুচিডাইডছৰ নীতিক নাকচ কৰো যে ‘শক্তিশালীসকলে যি বিচাৰে তাকে কৰে’। শক্তিয়ে সঠিক নকৰে। ইজৰাইল আৰু পেলেষ্টাইন, দুয়োজনেই অব্ৰাহামৰ বংশধৰ, একেলগে থাকিব পাৰে। যদি ইজৰাইলে পেলেষ্টাইনক স্বীকৃতি দিয়ে তেন্তে ইণ্ডোনেছিয়াই তৎক্ষণাত ইজৰাইলক স্বীকৃতি দিব। দুটা জাতিয়ে, ভাগ-বতৰা কৰা ভৱিষ্যতৰ সৈতে, শান্তি আৰু মিলনত একেলগে থাকিব পাৰে। আৰব, ইহুদী, মুছলমান আৰু খ্ৰীষ্টান—সকলো একেলগে, এটা পৰিয়ালৰ দৰে। ইজৰাইলৰ জনসাধাৰণ, আপোনাৰ নিৰাপত্তা আৰু মৰ্যাদাৰ নিশ্চয়তা দিয়াটো বিশ্ব সম্প্ৰদায়ৰ দায়িত্ব, কিন্তু তেনে কৰিবলৈ আমি ঘৃণা পৰিত্যাগ কৰিব লাগিব।”
সমগ্ৰ বিশ্বতে শান্তিৰ আহ্বান জনাই তেওঁ কয়, আহক আমি এনে এখন পৃথিৱী গঢ়ি তোলোঁ য'ত প্ৰতিটো শিশুৱে ভয় নোহোৱাকৈ সপোন দেখিব পাৰে। ইণ্ডোনেছিয়া এই সপোনৰ অংশ হ'বলৈ সাজু। আমি শান্তিৰ বাবে ৰাষ্ট্ৰসংঘৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিম। শান্তিৰ পথ বাছি লওঁ আহক।
বিশ্বৰ নেতাসকলৰ বজ্ৰপাতৰ দৰে হাতচাপৰিৰ মাজতে ভাষণৰ সামৰণি মাৰি তেওঁ ধৰ্মীয় সমন্বয়ৰ বাৰ্তা আগবঢ়াই কয় যে, শালোম, চালাম, ওম শান্তি, শান্তি, শান্তি।
মন কৰিবলগীয়া যে ইজৰাইলৰ প্ৰেক্ষাপটত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ এই ভাষণে বিশেষ তাৎপৰ্য লাভ কৰিছে কাৰণ বিভিন্ন দেশে পেলেষ্টাইনক স্বীকৃতি দিয়াৰ লগতে ইজৰাইলৰ নিৰাপত্তাকো অগ্ৰাধিকাৰ দিয়ে। তেওঁ পেলেষ্টাইনৰ সৈতে শান্তি আৰু সহাৱস্থানৰ বাবেও আহ্বান জনায়।
প্ৰবোৱে ইণ্ডোনেছিয়াৰ কাহিনীক ঔপনিৱেশিক সংগ্ৰামৰ সৈতে সংযোগ কৰি ইজৰাইলৰ ইতিহাস আৰু প্ৰত্যাহ্বানৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিছিল। দুখন ৰাষ্ট্ৰৰ সমাধান আৰু শান্তিৰক্ষী বাহিনীৰ প্ৰস্তাৱে ইজৰাইলক এক ব্যৱহাৰিক আৰু ইতিবাচক প্ৰস্তাৱ আগবঢ়াইছে যিটো আঞ্চলিক স্থিতিশীলতাৰ দিশত এক পদক্ষেপ। মন কৰিবলগীয়া যে ইণ্ডোনেছিয়াৰ জনসংখ্যা প্ৰায় ২৯ কোটি।
हिन्दुस्थान समाचार / অৰৱিন্দ