গুৱাহাটী,২৫ ছেপ্টেম্বৰ (হি.স.)। কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৫ উদযাপন উপলক্ষে জিলা পৰ্যায়ত শুভ উদ্বোধনী অনুষ্ঠান তথা আগন্তুক মাহযোৰা কাৰ্যসূচী ৰূপায়ন সম্পৰ্কে জিলা উন্নয়ন আয়ুক্তৰ সভাপতিত্বত সংশ্লিষ্ট বিভাগ সমূহৰ মাজত এলানি বৈঠকৰ আয়োজন কৰা হয়।
অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিষয়া সন্তোষ কুটুমে আদৰণি ভাষণৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। পোষণ অভিযানৰ জিলা সমন্বয়ক সুমন বৰগোহাইয়ে এই অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহৰ মূল উদ্দেশ্য সমূহ যেনে- মেদবহুলতা হ্ৰাস কৰাৰ লগতে চেনী আৰু তৈলযুক্ত আহাৰ হ্ৰাস কৰা, প্ৰাথমিক শিশুৰ যত্ন আৰু শিক্ষা ,পোষণ ভি পঢ়াই ভি, এজোপা গছ মাৰ নামত, নৱজাতক আৰু শিশুক খুৱাব পৰা পদ্ধতি, পুৰুষ সকলক অংশগ্ৰহণ কৰোৱা ইত্যাদি বৰ্ণনা কৰাৰ লগতে এই দিশসমূহ কাৰ্য্যত ৰূপায়িত কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ দায়িত্ব অৱগত কৰাই তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰে।
সভাত বন্তি প্ৰজ্জ্বলন পৰ্বৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। সভাত অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ' কৰণ পেগু, মহিলা আৰু শিশু বিকাশ বিভাগ, কামৰূপ মহানগৰৰ বিষয়া কৰ্মচাৰী, জিলা পৰিষদ, স্বাস্থ্য, শিক্ষা, জন-স্বাস্থ্য আৰু কাৰিকৰী বিভাগ, বন বিভাগ ইত্যাদি সংশ্লিষ্ট বিভাগৰ জিলা পৰ্য্যায়ৰ উচ্চ পদস্থ বিষয়-ববীয়া আৰু প্ৰতিনিধি সকল উপস্থিত থাকে। অনুস্থানৰ মাজতে সজাগতামুলক পুতলা নাচ আৰু স্বাস্থ্য সন্মত খাদ্যসম্ভাৰৰ প্ৰদৰ্শনী কৰা হয় । সভাৰ শেষত, সকলোকে এই পোষণ মাহ উদযাপনৰ মাহযোৰা পৰিকল্পিত কাৰ্য্যসূচী সমূহ সফল কৰাৰ বাবে সহযোগিতাৰ আহ্বান জনোৱা হয়।
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ