নগাঁও, ২৫ ছেপ্টেম্বৰ (হি.স.)। নগাঁৱত অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা। নগাঁৱত নকল সোণৰ চক্ৰৰ বলি হয় বিহাৰৰ এটি পৰিয়াল।
বিহাৰৰ এটি পৰিয়ালৰ পৰা নকল সোণৰ নামত আছাদুল ইছলাম নামৰ এজনে সৰকালে প্ৰায় ৯ লাখ টকা। নগাঁও সদৰ আৰক্ষীয়ে আটক কৰে কাটিমাৰিৰ আছাদুল ইছলামক। উল্লেখ্য যে নগাঁৱত জোনমণি ৰাভা মৃত্যুৰ লগত সম্পৰ্ক আছিল নকল সোণৰ। কিন্তু ইয়াৰ পাছতো বৰ্তমানলৈকে নগাঁৱত সম্পূৰ্ণৰূপে উৎখাত নহল এই নকল সোণৰ চক্ৰটো।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু