গোসাঁইগাঁও মহকুমাৰ তেলীপাৰা প্ৰাথমিক বিদ্যালয়ত এজনৰ মৃতদেহ উদ্ধাৰ
কোকৰাঝাৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ তেলীপাৰা প্ৰাথমিক বিদ্যালয়ত আজি পুৱা এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে৷ তেলীপাৰা প্ৰাথমিক বিদ্যালয়ত চৌহদত সংহত শিশু উন্নয়ন কেন্দ্ৰৰ নৱ নিৰ্মিত গৃহত ৰক্তাক্ত অৱস্থাত মৃতদেহটো উদ্ধাৰ হয়৷

উদ্ধাৰ হোৱা মৃতদেহটো অক্সিগুৰী গাঁৱৰ ই-ৰিক্সা চালক মংগল মুৰ্মু বুলি চিনাক্ত কৰা হৈছে৷ লোক জনক নিশা দুৰ্বৃত্তই হত্যা কৰা বুলি অনুমান কৰা হৈছে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande