যোগীঘোপাৰ বোৱালীমাৰীত উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত
বঙাইগাও, ২৫ছেপ্টেম্বৰ (হি.স.)। যোগীঘোপাৰ বোৱালীমাৰীত উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত। মৃতদেহটো বৰপেটাৰ ধনীবন্ধাৰ ৰাজু বনিক বুলি চিনাক্ত কৰা হৈছে ।যোগীঘোপাৰ বোৱালীমাৰীত ভৈৰৱচূড়া পাহাৰৰ দাঁতিত চম্পাৱতী নৈৰ কাষত উদ্ধাৰ হৈছিল বাহন । বাহনৰ ভিতৰত আছিল ৰাজু ব
যোগীঘোপাৰ বোৱালীমাৰীত উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত


বঙাইগাও, ২৫ছেপ্টেম্বৰ (হি.স.)। যোগীঘোপাৰ বোৱালীমাৰীত উদ্ধাৰ হোৱা মৃতদেহটো চিনাক্ত। মৃতদেহটো বৰপেটাৰ ধনীবন্ধাৰ ৰাজু বনিক বুলি চিনাক্ত কৰা হৈছে ।যোগীঘোপাৰ বোৱালীমাৰীত ভৈৰৱচূড়া পাহাৰৰ দাঁতিত চম্পাৱতী নৈৰ কাষত উদ্ধাৰ হৈছিল বাহন । বাহনৰ ভিতৰত আছিল ৰাজু বনিকৰ মৃতদেহ।

ৰাজু বনিকক হত্যা কৰি বাহন খন চম্পাৱতী নৈত পেলাই দিয়াৰ চেষ্টা কৰিছিল। ঘটনা সন্দৰ্ভত যোগীঘোপা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে। বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা),নেয়ংখোদেই চিংচনে সংবাদ মাধ্যমক এই বিষয়ে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande