মাৰ্ঘেৰিটাৰ দলঙত ওলমি থকা অৱস্থাত এজনৰ মৃতদেহ উদ্ধাৰ
তিনিচুকিয়া, ২৫ছেপ্টেম্বৰ (হি.স.)। মাৰ্ঘেৰিটাত দলঙত ওলমি থকা অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। বুঢ়ীদিহিং নৈৰ ৰেলৱে দলঙত ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ ব্যক্তি জনৰ মৃতদেহ। মৃত ব্যক্তিজনক মাৰ্ঘেৰিটা ধান বজাৰৰ নিৱাসী অক্ষয় ৰাও(৬০) বুলি চিনাক্ত হৈছে । ক
মাৰ্ঘেৰিটাৰ দলঙত ওলমি থকা অৱস্থাত এজনৰ মৃতদেহ উদ্ধাৰ


তিনিচুকিয়া, ২৫ছেপ্টেম্বৰ (হি.স.)। মাৰ্ঘেৰিটাত দলঙত ওলমি থকা অৱস্থাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ। বুঢ়ীদিহিং নৈৰ ৰেলৱে দলঙত ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ ব্যক্তি জনৰ মৃতদেহ। মৃত ব্যক্তিজনক মাৰ্ঘেৰিটা ধান বজাৰৰ নিৱাসী অক্ষয় ৰাও(৬০) বুলি চিনাক্ত হৈছে । কি কাৰনত ব্যক্তিজনে এনেদৰে চৰম পন্থা বাচি ললে সেয়া বৰ্তমানেও স্পষ্ট হোৱা নাই।

আৰক্ষী সুত্ৰে জানিব পৰা অনুসৰি মৃত ব্যক্তিজনে মদ আসক্ত আছিল। আজি দলঙত ওলমি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে অক্ষয় ৰাওৰ মৃতদেহ। এইটো আত্মহত্যা নে হত্যাকাণ্ড বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আৰক্ষী তদন্ততহে পোহৰলৈ আহিব মৃত্যুৰ প্ৰকৃত কাৰণ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande