নাজিৰাৰ শিমলুগুৰি মিলন সংঘ সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ
নাজিৰাৰ শিমলুগুৰি মিলন সংঘ সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন।
নাজিৰাৰ শিমলুগুৰি মিলন সংঘ সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ


শিৱসাগৰ, ২৫ ছেপ্টেম্বৰ (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰাৰ শিমলুগুৰি মিলন সংঘ সাৰ্বজনীন দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ যো-জা চলাইছে। দেৱী দূর্গাৰ বন্দনাৰ লগতে জুবিন গাৰ্গৰ গীতৰ জড়িয়তে দেৱীৰ দৰ্শনৰ ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে।

বিভিন্ন কাৰ্য্যসূচীৰে উদযাপন কৰিব এই দুৰ্গা পূজা। আটক ধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপ। জুবিন গাৰ্গৰ দেহাৱসান হোৱাৰ পিছত এইবাৰ ৰাজ্যৰ প্ৰায় সমূহ দুৰ্গা পূজাৰ মণ্ডপত এতিয়া নিমাও মাও পৰিৱেশ বিৰাজ কৰা দেখা পোৱা গৈছে। আগৰ দৰে নাই দেৱীৰ বন্দনা। সমগ্ৰ অসমত এইবাৰ যেন ধৰাৰ বুকুলৈ দেৱী দূর্গাৰ আগমন কিছু লেহেমীয়া হৈছে। তথাপিও বশিষ্ঠ গংগা খ্যাত পবিত্ৰ দিখৌ নদীৰ পাৰত অৱস্থিত শিমলুগুৰিৰ কালী মন্দিৰৰ প্ৰাঙ্গণত ৫০ বছৰ অতিক্ৰম কৰা এই সৰ্বজনীন মিলন সংঘৰ দুৰ্গা পূজাৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা পৰিলক্ষিত হৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande