মৰিগাঁও, ২৫ ছেপ্তেম্বৰ (হি.স.): মৰিগাঁও জিলা আৰক্ষীৰ চোৰাংচোৱাই আৰক্ষীৰ সহযোগত চলোৱা এক অভিযানত এহাল স্বামী স্ত্ৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰচাপৰি গাঁৱত নিজা বাসগৃহত দীর্ঘ দিনৰ পৰা ড্ৰাগছ বিক্ৰী কৰি আহিছিল স্বামী ইফতিকাৰ আৰু পত্নী ৰুবিনা খাতুনে।
গ্ৰেপ্তাৰ হোৱা স্বামী স্ত্ৰীৰ ঘৰৰ পৰা ৩৫ টা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটিয়ে। দুয়োকে ইতিমধ্যে ভেলৌগুৰি আৰক্ষী থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ যে এই দুই স্বামী স্ত্ৰী পূৰ্বেও দুবাৰ একেই ড্ৰাগছ ব্যৱসায় কৰি জেল হাজোতলৈ গৈছিল যদিও জেলৰ পৰা ওলাই আকৌ একেই ব্যৱসায়ত লিপ্ত হৈ পৰিছিল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ