তিনিচুকীয়া, ২৫ ছেপ্টেম্বৰ (হি.স.)। তিনিচুকীয়া জিলাৰ ডিগবৈত নিশা গৰু চোৰক কেন্দ্ৰ কৰি পৃথক পৃথকৈ দুটা স্থানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
ডিগবৈৰ বালিজান আৰু টিংৰাই অসমীয়া বালিজান গাঁৱত এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷
ডিগবৈ বালিজানৰ নিবাসী বিপুল দাসৰ ঘৰত ডিগবৈ চহৰৰ পাৰ্শ্ব্ৱ্তী ভিন্ন গ্ৰামাঞ্চলৰ পৰা চুৰি কৰি অনা ১৬ টাকৈ গৰু এএছ ২৩ ডিচি ২৯৬২ নম্বৰৰ মাল পৰিবাহী বাহনত উঠাই থকাৰ সময়তে হাতেলোটে কৰায়ত্ত কৰে ৰাইজে । আটকাধীন গৰু চোৰ বিপুল দাসে ডিগবৈৰ ভিন্ন গ্ৰামাঞ্চলৰ পৰা দীৰ্ঘদিনৰ ধৰি চুৰি হৈ অহা গৰু চুৰি চক্ৰৰ মূল ব্যক্তি হিচাপে অভিযোগ আছে৷
আটকাধীন গৰু চোৰ বিপুল দাসৰ ঘৰৰ পৰা উদ্ধাৰ কৰা ১৬ টা চুৰি গৰুৰ ভিতৰত ৫ টা গৰুৰ গৰাকীক ডিগবৈ আৰক্ষীয়ে উপযুক্ত প্ৰমাণৰ ভিত্তিত গটাই দিয়াৰ বিপৰীতে ৯ টা চুৰি গৰুৰ গৰাকীৰ সন্ধান এতিয়াও পাবলৈ সক্ষম হোৱা নাই । গৰু চোৰ বিপুল দাসৰ বাসগৃহৰ পৰা চুৰি গৰু সৰবৰাহ কৰিবলৈ ব্যৱহাৰ হোৱা মাল পৰিবাহী বাহনখনৰ গৰাকীৰ ডিগবৈ বালিজানৰে নিবাসী ড° বিমল উপাধ্যায় ৷ জ্যোতিষী হিচাপে পৰিচয় বহন কৰা বিমল উপাধ্যায়ৰ মালিকানাধীন মাল পৰিবাহী বাহনখনতে দীৰ্ঘদিনৰ পৰা চুৰি গৰুৰ বেহা কৰি অহা গৰু চোৰ বিপুল দাসৰ বাসগৃহ নিচেই ওচৰত ৷ গৰু চোৰৰ সৈতে নামধাৰী জ্যোতিষীৰ ঘনিষ্ঠতাক লৈ ডিগবৈৰ বালিজানত তীব্ৰ চৰ্চাই স্থান পাইছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু