তামুলপুৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। কাইলৈ বিটিচি নিৰ্বাচনৰ ভোট গণনা। তামুলপুৰ জিলাৰ পাঁচ পৰিষদীয় সমষ্টিৰ ভোট গণনা হব তামুলপুৰ ছিনিয়ৰ চেকেণ্ডাৰী বিদ্যালয়ত। ২৬ নং দৰঙাজুলি, ২৭ নং নাগ্ৰিজুলী, ২৮ নং গয়বাৰী, ২৯ নং শুক্লাই চেৰফাং আৰু ৩০ নং গোৰেশ্বৰ সমষ্টিত হব ভোটগণনা।
ইতিমধ্যে সাজু হৈছে তামুলপুৰ জিলা প্ৰশাসন। পুৱা ৮ বজাৰ পৰা আৰম্ভ হব ভোট গণনা।
প্ৰায় ৭ টা ৰাউণ্ডৰ অন্তত ফলাফল অহাৰ কথা উল্লেখ প্ৰশাসনৰ। তামুলপুৰ জিলাৰ ৫টা পৰিষদীয় সমষ্টিৰ ৩,৪৫,৭৭০ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব তামুলপুৰৰ পাচ পৰিষদীয় সমষ্টিৰ ৪১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা