চিৰাং, ২৫ ছেপ্টেম্বৰ (হি.স.)। কাইলৈ বহুচৰ্চিত বিটিচি নিৰ্বাচনৰ ভোট গণণাৰ দিন । যোৱা ২২ চেপ্তেম্বৰৰ দিনাৰ পৰা বেলেট বাকচত ভাগ্য বন্দী হৈ থকা প্ৰাৰ্থী সকলৰ ভাগ্য নিৰ্ধাৰণ হ’ব। আজি চিৰাঙৰ কাজলগাঁৱত বিটিচি নিৰ্বাচনৰ ফলাফলক লৈ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে প্ৰতিক্ৰিয়া ব্য়ক্ত কৰে ।
এইবেলি বিটিচি নিৰ্বাচনত ৰাইজে যিদৰে সহাঁৰি আগবঢ়াইছে সেয়া দেখি একক সংখ্যাগৰিষ্ঠ আসন লাভ কৰিব বুলি আশা প্ৰকাশ কৰে তথাপিও ৰাইজে ভোটদান কৰিছে আৰু সেয়া বেলেট বাকচত বন্দী হৈ আছে কাইলৈ যিহেতু ভোট গণণা হ’ব আৰু ৰিজাল্ট আহিব বুলি প্ৰমোদ বড়োই মন্তব্য কৰে । সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত অংশগ্ৰহণ কৰা প্ৰতিটো ৰাজনৈতিক দল তথা প্ৰাৰ্থী সকলক শুভেচ্ছা জ্ঞাপন কৰে প্ৰমোদ বড়োই।
বিটিচি নিৰ্বাচনৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰমোদ বড়োই । বিপিএফ আৰু ইউপিপিএল দলে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োই কয় যে এই সন্দৰ্ভত দলৰ মজিয়াত কোনোধৰনৰ আলোচনা হোৱা নাই আৰু এই বিষয় মন্তব্য নকৰো বুলি কয়।
যোৱা ২০২০ৰ নিৰ্বাচনৰ পিছত হোটেল লিলিৰ ৰাজনীতিৰ আশংকা কৰি এইবেলি হাগ্ৰামা মহিলাৰীয়ে আগতীয়াকৈ তেখেতৰ বিপিএফ দলৰ প্ৰাৰ্থী সকলক ভূটানৰ ৰাজধানী থিম্ফুত লৈ ৰাখিছে বুলি এটা চৰ্চা চলি আছে এই সন্দৰ্ভত প্ৰমোদ বড়োই কিছু প্ৰতিক্ৰিয়া ব্যক্ত কৰে । ইপিনে প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা এইবেলি ১৫ নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী চন্দন ব্ৰহ্মই কয় যে কাইলৈ বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব আৰু এইবেলি প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচিত চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি মন্তব্য কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা