জুবিনৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যাম কানুৰ বাসগৃহত চি আই ডিৰ অভিযান
গুৱাহাটী, ২৫ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীৰ গীতনগৰৰ কাৰ্বি পথৰ শ্যামকানু মহন্তৰ বাসগৃহত বৃহস্পতিবাৰে পুৱা চি আই ডিৰ এটা দলে অভিযান চলায়। চি আই ডিৰ মুখ্য তদন্তকাৰী বিষয়া ৰ’জী কলিতাৰ নেতৃত্বত চলোৱা এই অভিযানত এক বৃহৎ আৰক্ষী দল জড়িত হৈ থাকে। উল্লেখযোগ
জুবিনৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত শ্যাম কানুৰ বাসগৃহত চি আই ডিৰ অভিযান


গুৱাহাটী, ২৫ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটীৰ গীতনগৰৰ কাৰ্বি পথৰ শ্যামকানু মহন্তৰ বাসগৃহত বৃহস্পতিবাৰে পুৱা চি আই ডিৰ এটা দলে অভিযান চলায়। চি আই ডিৰ মুখ্য তদন্তকাৰী বিষয়া ৰ’জী কলিতাৰ নেতৃত্বত চলোৱা এই অভিযানত এক বৃহৎ আৰক্ষী দল জড়িত হৈ থাকে। উল্লেখযোগ্য যে কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত শ্যামকানু মহন্তক মূল অভিযুক্ত হিচাপে ঘোষণা কৰা হৈছে।

পুৱাৰে পৰা অঞ্চলটোত কটকটীয়া নিৰাপত্তা জাৰি কৰা হয়। মহন্তৰ ঘৰ আৰু কাৰ্বি পাথৰ আশে-পাশে চি আৰ পি এফ জোৱান মোতায়েন কৰা হয়। দলটোৱে ঘৰৰ ভিতৰতে তালাচী অভিযান আৰম্ভ কৰিছে।

বুধবাৰে নিশাৰ পৰাই শ্যামকানু মহন্ত গুৱাহাটীলৈ ঘূৰি অহা বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল যদিও এই কথা এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। ইফালে কটকটীয়া নিৰাপত্তাৰ মাজতে স্থানীয় মহিলাসকলে তেওঁক গ্ৰেপ্তাৰ আৰু ন্যায়ৰ দাবীত তেওঁৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande