চিবিডিটিৰ অডিট প্ৰতিবেদন দাখিলৰ সময়সীমা ৩১ অক্টোবৰলৈ বৃদ্ধি
নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে কৰদাতাসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে। চিবিডিটিয়ে বিগত বিত্তীয় বৰ্ষ ২০২৪-২৫ (মূল্যায়ন বৰ্ষ ২০২৫-২৬)ৰ কৰ নিৰীক্ষণ প্ৰতিবেদন দাখিলৰ সময়সীমা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰৰ পৰা ২০২৫ চনৰ ৩১ অক্
वित्‍त मंत्रालय के लोगो का प्रतीकात्‍मक चित्र


নতুন দিল্লী, ২৫ ছেপ্টেম্বৰ (হি.স.)। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে কৰদাতাসকলক যথেষ্ট সকাহ প্ৰদান কৰিছে। চিবিডিটিয়ে বিগত বিত্তীয় বৰ্ষ ২০২৪-২৫ (মূল্যায়ন বৰ্ষ ২০২৫-২৬)ৰ কৰ নিৰীক্ষণ প্ৰতিবেদন দাখিলৰ সময়সীমা ২০২৫ চনৰ ৩০ ছেপ্টেম্বৰৰ পৰা ২০২৫ চনৰ ৩১ অক্টোবৰলৈ বৃদ্ধি কৰিছে।

বৃহস্পতিবাৰে জাৰি কৰা এক অধিসূচনাত চিবিডিটিয়ে উল্লেখ কৰিছে যে আয়কৰ আইনৰ ১৩৯ নং ধাৰাত উপধাৰা (১)ৰ ব্যাখ্যা ২ৰ দফা (ক)ত উল্লেখ কৰা কৰদাতাসকলৰ বাবে বিগত বিত্তীয় বৰ্ষ ২০২৪-২৫ (মূল্যায়ন বৰ্ষ ২০২৫-২৬)ৰ বিভিন্ন নিৰীক্ষণ প্ৰতিবেদন দাখিলৰ সময়সীমা ৩০ ছেপ্টেম্বৰৰ পৰা ৩১ অক্টোবৰলৈ বৃদ্ধি কৰা হৈছে চিবিডিটি, এই সিদ্ধান্তই কৰদাতাসকলক সকাহ দিব আৰু তেওঁলোকৰ অডিট ৰিপৰ্ট প্ৰস্তুত কৰিবলৈ অধিক সময় প্ৰদান কৰিব। চিবিডিটিৰ তথ্য অনুসৰি ২৩ ছেপ্টেম্বৰলৈকে ৭.৫৭ কোটিতকৈ অধিক আয়কৰ ৰিটাৰ্ণ (আইটিআৰ) দাখিল কৰা হৈছিল।

বিত্ত মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, বিভিন্ন ব্যৱসায়িক সংস্থাৰ পৰা অনুৰোধ পোৱাৰ পিছতে নিৰীক্ষণ প্ৰতিবেদন দাখিলৰ তাৰিখ বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে, য’ত কৰদাতা আৰু ব্যৱসায়ীসকলে নিৰীক্ষণ প্ৰতিবেদন সম্পূৰ্ণ কৰাত অসুবিধা প্ৰকাশ কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande