বিটিচি নিৰ্বাচন ২০২৫: সম্পূৰ্ণ প্ৰস্তুতিৰে ভোট গণনাৰ বাবে সাজু কোকৰাঝাৰ
কোকৰাঝাৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। কাইলৈ ​​বিটিচি নিৰ্বাচন ২০২৫ৰ ভোটগণনা অনুষ্ঠিত হ’ব আৰু কেইবা দিনৰ পৰা চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। এই নিৰ্ণায়ক দিনটোৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্প
বিটিচি নিৰ্বাচন ২০২৫: সম্পূৰ্ণ প্ৰস্তুতিৰে ভোট গণনাৰ বাবে সাজু কোকৰাঝাৰ ।


বিটিচি নিৰ্বাচন ২০২৫: সম্পূৰ্ণ প্ৰস্তুতিৰে ভোট গণনাৰ বাবে সাজু কোকৰাঝাৰ ।


কোকৰাঝাৰ, ২৫ ছেপ্তেম্বৰ (হি.স.)। কাইলৈ ​​বিটিচি নিৰ্বাচন ২০২৫ৰ ভোটগণনা অনুষ্ঠিত হ’ব আৰু কেইবা দিনৰ পৰা চলি থকা জল্পনা-কল্পনাৰ অন্ত পৰিব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা। এই নিৰ্ণায়ক দিনটোৰ বাবে কোকৰাঝাৰ জিলা প্ৰশাসনে প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে।

প্রস্তুতিৰ অংশ হিচাপে আজি কোকৰাঝাৰ জিলা আয়ুক্তৰ কার্যালয়ৰ সভাকক্ষত গণনা কৰ্মীৰ দ্বিতীয় পর্যায়ৰ ৰেণ্ডমাইজেচন অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰু ৰিটাৰ্নিং বিষয়া মাছাণ্ডা এম পাৰ্টিনৰ তত্বাৱধানত আৰু নিৰ্বাচন পৰ্যবেক্ষক, গোসাঁইগাঁও আৰু পৰ্বতঝৰা মহকুমাৰ মহকুমাধিপতী, এন আই চি(NIC)ৰ ডি আই অ’(DIO) আৰু অন্যান্য বিষয়া সকলৰ উপস্থিতিত এই কাৰ্যসূচী সম্পন্ন কৰা হয়। এই প্ৰক্ৰিয়াৰ জৰিয়তে গণনা তত্বাৱধায়ক, সহায়ক আৰু মাইক্র’ অৱজাৰ্ভাৰ সকলক সমষ্টি অনুসৰি গণনাৰ বাবে নিয়োগ কৰা হৈছে।

ইয়াৰ সমান্তৰালকৈ আজি কোকৰাঝাৰ বিশ্ববিদ্যালয়ত বিয়লি ১.৩০ বজাৰ পৰা ৪.৩০ বজালৈ গণনাৰ তত্বাৱধায়ক, সহায়ক, চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আৰু প’ষ্টেল বেলট গণনাৰ দায়িত্বত থোকা লোককে ধৰি গণনা কৰ্মী সকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। বিগত ১৮ ছেপ্টেম্বৰৰ দিনা একে স্থানতে প্ৰথম ৰাউণ্ডৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল। কাৰ্যসূচীটোত বিষয়া সকলক গণনাৰ প্ৰট’কল, ভূমিকা আৰু দায়িত্বৰ বিষয়ে পৰিচিত কৰাৰ লগতে নিৰ্বাচন প্ৰক্ৰিয়াটোৰ সঠিকতা আৰু স্বচ্ছতা নিশ্চিত কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।

উল্লেখযোগ্য যে আজি জিলা আয়ুক্ত আৰু ৰিটাৰ্নিং বিষয়াই কোকৰাঝাৰ সদৰৰ সকলো সহকাৰী ৰিটাৰ্নিং বিষয়াৰ সৈতে এক বৈঠকত ভোট গণনাৰ চূড়ান্ত ব্যৱস্থা সমূহ পৰ্যালোচনা কৰে। সমন্বয় শক্তিশালী কৰিবলৈ আৰু নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলি ভোটগণনা প্ৰক্ৰিয়াৰ প্ৰতিটো পদক্ষেপ যাতে সুচাৰুৰূপে আৰু কঠোৰভাৱে পালন কৰা হয় তাৰ বাবে এই বৈঠক অনুষ্ঠিত কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande