গুৱাহাটী (অসম), ২৫ ছেপ্টেম্বৰ (হি.স.)। সদ্য প্ৰয়াত মৰমৰ কন্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ উত্থাপিত উদ্বেগক লৈ বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। তেওঁ উল্লেখ কৰে যে যদিহে ৰাজ্যৰ জনসাধাৰণ বিশেষ তদন্তকাৰী দলৰ তদন্তত সন্তুষ্ট নহয়, তেন্তে চৰকাৰে গোচৰটো কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই)ক গতাই দিবলৈ কুণ্ঠাবোধ নকৰে।
মুখ্যমন্ত্রী সোণোৱালে সংবাদ মাধ্যমৰ যোগাযোগত স্পষ্ট কৰি দিয়ে যে জুবিন গার্গৰ গীতৰ কপিৰাইট সিদ্ধার্থ শর্মাৰ হাতত নাই৷ তেওঁ উল্লেখ কৰে যে যদি এনেকুৱা হ’লহেঁতেন তেন্তে জুবিনৰ পত্নী গৰিমা গাৰ্গে চৰকাৰক অৱগত কৰিলেহেঁতেন।
জুবিন গাৰ্গৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে সকলো প্ৰচেষ্টা চলাব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া