ডুবাই, ২৫ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীলংকাক পৰাস্ত কৰি তথা ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পাছত এতিয়া পাকিস্তান আৰু বাংলাদেশ দুয়োৰে ভাগ্য বৃহস্পতিবাৰৰ গুৰুত্বপূৰ্ণ খেলখনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত সন্ধিয়া ৬:৩০ বজাত (স্থানীয় সময়)/৮:০০ বজাত (ভাৰতীয় সময় অনুসৰি) খেল অনুষ্ঠিত হ’ব।
ভাৰতৰ বিৰুদ্ধে খেলখনৰ পূৰ্বে বাংলাদেশে নিজৰ দলত কেইবাটাও পৰিৱৰ্তন কৰিছিল যদিও তেওঁলোকৰ শ্ৰেষ্ঠ কম্বিনেচনৰ বিষয়ে এতিয়াও নিশ্চিত নহয়। আনহাতে পাকিস্তানে শ্ৰীলংকাৰ বিৰুদ্ধে আৰামদায়ক জয় নিশ্চিত কৰিলে যদিও তেওঁলোকৰ বেটিং উদ্বেগ এতিয়াও সম্পূৰ্ণৰূপে সমাধান হোৱা নাই। ইয়াৰ পিছতো দলটোৰ স্থিতিশীলতা বাংলাদেশতকৈ বেছি যেন দেখা গৈছে।
এই মেচত একেৰাহে দ্বিতীয় দিন ফিল্ডিং কৰিব বাংলাদেশে। লিটন দাসৰ আঘাতৰ বাবে দল সলনি হ’বলৈ বাধ্য হয়। অৱশ্যে ভাৰতৰ বিৰুদ্ধে বলিংটোৱে ভাল প্ৰদৰ্শন আগবঢ়াইছিল, অন্তিম ১৪ অভাৰত মাত্ৰ ৯৬ ৰানহে দিছিল। বেটছমেন ছাইফ হাছানে একেৰাহে দ্বিতীয়টো অৰ্ধশতক অৰ্জন কৰে যদিও বাকী বেটছমেনসকল ব্যৰ্থ হয়। দলটোৰ ফিল্ডিংও আছিল আকৰ্ষণীয়। বাংলাদেশে পুনৰ তাস্কিন আহমেদ আৰু মেহেদী হাছানৰ দৰে অভিজ্ঞ খেলুৱৈক এৰি দিব নে তেওঁলোকক ঘূৰাই আনিব সেয়া হ’ব লক্ষ্যণীয়।
এই মেচত বিজয়ী দলে পুনৰবাৰ ফাইনেলত মুখামুখি হ’ব সূৰ্যকুমাৰ যাদৱৰ অধিনায়ক ভাৰতীয় দলৰ সৈতে। গতিকে এই মেচত জয়ী হোৱাটো দুয়োটা দলৰ বাবে অতি গুৰুত্বপূৰ্ণ।
দল দুটা তলত দিয়া ধৰণৰ:
পাকিস্তানৰ সম্ভাৱ্য একাদশ : চাহিবজাদা ফাৰহান, ফাখৰ জামান, ছাইম আয়ুব, ছলমান আঘা (অধিনায়ক), হুছেইন তালাত/হাছান নৱাজ, মহম্মদ হাৰিছ (উইকেটকীপাৰ), মহম্মদ নৱাজ, ফাহিম আশ্ৰফ।
বাংলাদেশৰ সম্ভাৱ্য একাদশ : ছৈফ হাছান, তাঞ্জিদ তামিম, পাৰভেজ হোছেইন আমিন, তৌহিদ হৃদয়, ছামিম হোছেইন, জাকিৰ আলী (অধিনায়ক, উইকেটকীপাৰ), মহম্মদ ছৈফুদ্দিন, ৰিছাদ হোছেইন, তাঞ্জিম ছাকিব, নাছুম আহমেদ, মুস্তাফিজুৰ ৰহমান।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া