ডুবাই, ২৫ ছেপ্টেম্বৰ (হি.স.)। এছিয়া কাপ ২০২৫ৰ ছুপাৰ ফোৰ মেচত ভাৰতে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বাংলাদেশক ৪১ ৰাণত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে। এই জয়ৰ লগে লগে শ্ৰীলংকা প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ বিপৰীতে বাংলাদেশ আৰু পাকিস্তানৰ মাজৰ খেলখন এতিয়া ছেমি ফাইনেলত পৰিণত হৈছে।
ভাৰতৰ ১৬৯ ৰানৰ লক্ষ্য খেদি খেদি বাংলাদেশ আৰম্ভণিৰে পৰাই হেঁচাত পৰিছিল। অ’পেনাৰ আগতীয়াকৈ আউট হোৱাৰ পিছত ছৈফ হাছানে (৬৯ ৰান, ৫১ বল, ৩ চাৰি, ৫ ছয়) পাৰভেজ হোছেইন ইমনৰ সৈতে (২১ ৰান) দ্বিতীয় উইকেটৰ বাবে ৪২ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে। কিন্তু এই অংশীদাৰিত্ব ভাঙি যোৱাৰ পাছত বাংলাদেশৰ ইনিংছ থৰকবৰক হৈ পৰে আৰু দলটোৱে নিয়মীয়াকৈ উইকেট হেৰুৱাই থাকিল। অৱশেষত বাংলাদেশে ১২৭ ৰানত অল আউট হয়।
ভাৰতীয় বলাৰসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই বাংলাদেশক কেতিয়াও সুস্থ হোৱাৰ সুযোগ নিদিলে। ভাৰতৰ হৈ সৰ্বাধিক ৩ উইকেট দখল কৰে কুলদীপ যাদৱে। যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে। অক্ষৰ পেটেল আৰু তিলক বৰ্মাইও এটাকৈ উইকেট দখল কৰে।
ইয়াৰ পূৰ্বে টছত পৰাস্ত হৈ বেটিং কৰাৰ পথ বাছি লোৱা ভাৰতে নিৰ্ধাৰিত ২০ অভাৰত ৬ উইকেটত ১৬৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ ইনিংছৰ নায়ক অভিষেক শৰ্মাই ৩৭টা বলত ৬টা চাৰি আৰু ৫টা ছয়কে ধৰি বিস্ফোৰক ৭৫ ৰান সংগ্ৰহ কৰে। হাৰ্দিক পাণ্ডিয়াইও ৩৮ ৰান (২৯ বল) কৰে। অৱশ্যে অধিনায়ক সূৰ্যকুমাৰ যাদৱ (৫), শিৱম ডুবে (২), আৰু তিলক বৰ্মা (৫)ৰ দৰে বেটছমেনে আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলে।
বাংলাদেশৰ হৈ ৰিছাদ হুছেইনে ৩ অভাৰত ২৭ ৰানত ২টা উইকেট দখল কৰাৰ বিপৰীতে তানজিম হাছান চাকিব, মুস্তাফিজুৰ ৰহমান, আৰু মহম্মদ ছাইফুদ্দিনে এটাকৈ উইকেট দখল কৰে।
এই জয়ৰ জৰিয়তে ভাৰতে ফাইনেলত স্থান নিশ্চিত কৰিছে, আৰু এতিয়া ক্ৰিকেট অনুৰাগীসকলে পাকিস্তান আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হ’বলগীয়া গুৰুত্বপূৰ্ণ মেচখনত মনোনিৱেশ কৰিব, যিখন খেল দুয়োটা দলৰ বাবে ছেমি ফাইনেল সদৃশ হৈ পৰিছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia