তামুলপুৰ, ২৫ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰ থানাৰ অন্তৰ্গত তৰুণগাঁওৰ পৰা নিৰুদ্দেশ হৈছে এগৰাকী ব্যক্তিৰ । বিগত প্ৰায় ৮ দিন ধৰি নিৰুদ্দেশ হৈ থকা ব্যক্তি গৰাকীৰ নাম প্ৰফুল্ল বিশ্বাস(৬৭)।
বিয়লি ঘৰৰ পৰা ওলাই যোৱা প্ৰফুল্ল এই পৰ্যন্ত ঘৰলৈ উভতি নহাত এতিয়া অধিক চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ । বিভিন্ন ঠাইৰ লগতে আত্মীয় স্বজনৰ সৈতেও যোগাযোগ ৰক্ষা কৰি পৰিয়ালৰ লোকে কোনো সম্ভেদ লাভ কৰা নাই প্ৰফুল্ল বিশ্বাসৰ।ইতিমধ্যে পৰিয়ালৰ লোকে এই সন্দৰ্ভত কুমাৰীকাটা চকীৰ আৰক্ষী বিষয়াৰ ওচৰত নিৰুদ্দেশ সন্দৰ্ভত অৱগত কৰিছে। কোনো সদাশয় ব্যক্তিয়ে লোক গৰাকীক প্ৰত্যক্ষ কৰিলে আৰক্ষী নতুবা পৰিয়ালৰ ৬০০১০৭১৬১২৩ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ কৰিছে পৰিয়াল তথা আত্মীয়ই ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা