পশ্চিম সিংভূম, ২৫ ছেপ্টেম্বৰ (হি.স.)। ঝাৰখণ্ডৰ পশ্চিম সিংভূম (চাইবাছা) জিলাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এক বৃহৎ সফলতা অৰ্জন কৰে। চিপিআই (মাওবাদী)ৰ দহজন নক্সালবাদীয়ে আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ গুপ্তাৰ আগত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰে। আত্মসমৰ্পণ কৰা নক্সালসকলৰ ভিতৰত আছিল ৬ জন পুৰুষ আৰু চাৰিগৰাকী মহিলা নক্সাল।
এই উপলক্ষে ঝাৰখণ্ডৰ চি আৰ পি এফ আই জি সাকেট সিং, আই জি অপাৰেচন মাইকেল ৰাজ এছ, আই জি এছ টি এফ, ডি আই জি কলহান, ডি আই জি স্পেচিয়েল ব্ৰাঞ্চ, চাইবাছা এছ পিকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
আত্মসমৰ্পণ কৰা নক্সালবাদীসকলক মালা পিন্ধাই আদৰণি জনায় ডিজিপি গুপ্তাই। এই আটাইকেইটা নক্সালবাদীয়ে দীৰ্ঘদিন ধৰি কলহান আৰু সাৰন্দা অঞ্চলত সক্ৰিয় হৈ আছিল আৰু কেইবাটাও গোচৰত বিচৰা হৈছিল। ইয়াৰ ভিতৰত আঞ্চলিক সমিতিৰ সদস্য ৰন্দো বয়পাই ওৰফে কান্তি বইপাই আৰু দলৰ সদস্য গাৰ্টী কোডা, জন ওৰফে জোহান পুৰ্তী, নিৰ্সো সিডু ওৰফে আশা, ঘোনোৰ দেৱগাম, গোমেয়া কোডা ওৰফে টাৰ্জান, কাইৰা কোডা, কাৰী কায়াম ওৰফে গুলাঞ্চি, সাবিত্ৰী গোপে ওৰফে মুতুৰি ওৰফে ফুটবল, আৰু প্ৰদীপ সিং মুণ্ডা। এই আটাইকেইজনৰ বিৰুদ্ধে হত্যাৰ অধীনত পঞ্জীয়ন হোৱা কেইবাটাও গুৰুতৰ অপৰাধমূলক গোচৰ, বিস্ফোৰক আইন, অস্ত্ৰ আইন, ইউএপিএ, আৰু ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ অভিযোগ উত্থাপন হৈছে।
ডিজিপি অনুৰাগ গুপ্তাই ঝাৰখণ্ড আৰক্ষীৰ বাবে ইয়াক এক বৃহৎ সফলতা বুলি অভিহিত কৰি কয় যে ৰাজ্য চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ্বাসন নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ নক্সালবাদীসকল ক্ৰমাগতভাৱে মূলসুঁতিলৈ ঘূৰি আহিছে। তেওঁ উল্লেখ কৰে যে বিগত তিনি বছৰত পশ্চিম সিংভূম জিলাত ২৬ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে। আজিৰ এই আত্মসমৰ্পণে মাওবাদী সংগঠনটোৰ ওপৰত ডাঙৰ আঘাত হানিছে আৰু চাইবাছা আৰু কলহান অঞ্চলত নক্সালবাদী আৰু উগ্ৰপন্থী কাৰ্যকলাপ আৰু অধিক ৰোধ কৰিব।
ঝাৰখণ্ড আৰক্ষীয়েও বাকী থকা নক্সালবাদীসকলক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পণ আৰু পুনসংস্থাপন নীতিৰ সুবিধা গ্ৰহণ কৰি সমাজৰ মূলসুঁতিলৈ যোগদান কৰি উন্নয়ন প্ৰক্ৰিয়াৰ অংগ হ’বলৈ আহ্বান জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া