কোকৰাঝাৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। আজি কোকৰাঝাৰ জিলা আয়ুক্ত কাৰ্যালয় চৌহদত বিটিচি নিৰ্বাচন ২০২৫-ৰ ভোটগ্ৰহণ দিনৰ পিছত নিয়মিত কাৰ্য্য আৰম্ভ হোৱাৰ লগে লগে জনপ্ৰিয় শিল্পী আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গক ফুল-মালাৰে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
ৰাজ্যসভা সাংসদ কনাদ পুৰকায়স্থ আৰু কোকৰাঝাৰ জিলা আয়ুক্ত মাছাণ্ডা এম পাৰ্টিনৰ লগতে জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকলে শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। সমবেত সকলে এক মিনিট নীৰৱতা পালন কৰে। শিল্পীগৰাকীৰ ইচ্ছা অনুসৰি তেওঁৰ গীত “মায়াবিনী ৰাতিৰ বুকুত” বজাই আৰু গাই মহান শিল্পীগৰাকীক গৌৰৱজনক সন্মান জনোৱা হয়।
সাংসদ কনাদ পুৰকায়স্থয় কয় যে এই ক্ষতি মানুহৰ বাবে এক ব্যক্তিগত হানিৰ দৰে অনুভূত হৈছে। “তেওঁ কেৱল অসমীয়াতে নহয়, ৪০তা মান ভাষাত গুৱা গানেৰে বিশ্বৰ বিভিন্ন লোকৰ হৃদয় সুঁই গৈছিল।” সাংসদ গৰাকীয়ে কয়।
ঘটনাক লৈ শোক প্ৰকাস কৰি জিলা আয়ুক্ত মাছাণ্ডা এম পাৰ্টিনে কয় যে সংগীত জগতৰ লগতে অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ অৱদান অতুলনীয়।তেওঁৰ নাম আৰু কাম কেৱল অসমতেই নহয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগীত জগততো উজ্জ্বল হৈ ৰব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ