চীনৰ বিশ্বৰ সৰ্বোচ্চ দলংখন অহা ২৮ ছেপ্টেম্বৰত যাতায়তৰ বাবে মুকলি
বেইজিং, ২৪ ছেপ্টেম্বৰ (হি.স.)। চীনৰ গুইঝৌ প্ৰদেশত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ দলং হুয়াজিয়াং গ্ৰেণ্ড কেনিয়ন দলং অহা ২৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে যাতায়তৰ বাবে মুকলি কৰা হ''ব। বুধবাৰে গুইঝৌ প্ৰাদেশিক চৰকাৰে এখন সংবাদমেলত কয় যে বেপান নদীৰ পৰা ৬২
चीन के गुइझोउ में दुनिया का सबसे ऊँचा पुल


বেইজিং, ২৪ ছেপ্টেম্বৰ (হি.স.)। চীনৰ গুইঝৌ প্ৰদেশত নিৰ্মাণ কৰা বিশ্বৰ সৰ্বোচ্চ দলং হুয়াজিয়াং গ্ৰেণ্ড কেনিয়ন দলং অহা ২৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে যাতায়তৰ বাবে মুকলি কৰা হ'ব।

বুধবাৰে গুইঝৌ প্ৰাদেশিক চৰকাৰে এখন সংবাদমেলত কয় যে বেপান নদীৰ পৰা ৬২৮ মিটাৰ ওপৰত থিয় হৈ থকা এই দলংখনৰ নিৰ্মাণৰ কাম ২০২২ চনৰ আৰম্ভণিতে আৰম্ভ হৈছিল। ই ফ্ৰান্সৰ মিলাউ ভায়াডাক্টতকৈ ওখ, যাৰ মুঠ উচ্চতা ৩৪৩ মিটাৰ। প্ৰকল্পৰ দলটোৱে আৰম্ভণিৰে পৰাই অসংখ্য প্ৰাকৃতিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল যদিও ইয়াৰ পিছতো তিনি বছৰৰ অভিলেখ সৃষ্টি কৰা সময়ত সম্পূৰ্ণ হৈছিল। চীনৰ অভিযন্তাসকলৰ বাবে এয়া এক উল্লেখযোগ্য কৃতিত্ব।

সংস্থাটোৰ মতে, নিৰ্মাণ দলটোৱে ড্ৰ’ন প্ৰযুক্তি, বিআইএম মডেলিং, বেইড’ নেভিগেচন চেটেলাইট ব্যৱস্থাকে ধৰি উদ্ভাৱনীমূলক নৱ নিৰ্মাণ কৌশল ব্যৱহাৰ কৰিছিল। মুঠ ২৮৯০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখনৰ মূল স্পেন ১৪২০ মিটাৰ। যোৱা ২৫ আগষ্টত দলংখনৰ এক গুৰুত্বপূৰ্ণ লোড টেষ্ট সম্পূৰ্ণ হৈছিল। দলঙত যাতায়ত পুনৰ আৰম্ভ হোৱাৰ পূৰ্বে লোড টেষ্টক পৰীক্ষাৰ অন্তিম পৰ্যায় বুলি গণ্য কৰা হয়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande