নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। বিশ্বৰ বজাৰত আজি দুৰ্বলতাৰ লক্ষণ দেখা গৈছে। পূৰ্বৰ অধিবেশনত আমেৰিকাৰ বজাৰসমূহ নিম্নগামীভাৱে বন্ধ হৈছিল। অৱশ্যে আজি ডাউ জ’নছৰ ফ্যুচাৰৰ ব্যৱসায় অধিক। পূৰ্বৰ অধিবেশনত ইউৰোপীয় বজাৰসমূহ মিশ্ৰিত ফলাফলৰ সৈতে বন্ধ হৈছিল। এছিয়াৰ বজাৰসমূহে সাধাৰণতে আজি বিক্ৰীৰ চাপৰ সন্মুখীন হৈছিল।
আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ জেৰম পাৱেলে আমেৰিকাৰ মুদ্ৰাস্ফীতি আৰু বৃদ্ধিৰ সন্দৰ্ভত সকীয়াই দিয়াৰ পিছতে ৱাল ষ্ট্ৰীটৰ সূচকাংক হ্ৰাস পায়। ডাউ জ’নে দিনটোৰ উচ্চতম স্তৰৰ পৰা ৪০০ পইণ্ট তলত বন্ধ হৈ পৰে। একেদৰে এছ এণ্ড পি ৫০০ সূচকাংকই পূৰ্বৰ অধিবেশনত ৬,৬৫৬.৯২ত সমাপ্ত হয়, যিটো ০.৫৫ শতাংশ হ্ৰাস পাইছে। তদুপৰি নাছডাক ২১৫.৫০ পইণ্ট বা ০.৯৫ শতাংশ হ্ৰাস পাই ২২,৫৭৩.৪৭ পইণ্টত বন্ধ হয়। ইফালে, ডাউ জ’নছ ফিউচাৰ্ছ ০.১৯ শতাংশ বৃদ্ধিৰে বৰ্তমান ৪৬,৩৮১.৮৯ পইন্টত ব্য়ৱসায় কৰিছে ।
ইউৰোপৰ বজাৰসমূহত পূৰ্বৰ অধিবেশনত মিশ্ৰিত ব্যৱসায় দেখা গৈছিল। এফটিএছই সূচকাংক ০.০৪ শতাংশ হ্ৰাস পাই ৯,২২৩.৩২ পইণ্টত বন্ধ হয়। আনহাতে, চিএচি সূচকাংক ০.৫৩ শতাংশ বৃদ্ধি পাই ৭,৮৭২.০২ পইণ্টত বন্ধ হয়। ডিএএক্স সূচকাংকও ০.৩৬ শতাংশ বৃদ্ধি পাই ২৩,৬১১.৩৩ পইণ্টত বন্ধ হয়।
সাধাৰণতে আজিৰ দিনত এছিয়াৰ বজাৰত বিক্ৰীৰ হেঁচা বিৰাজ কৰিছিল। এছিয়াৰ ৯খন বজাৰৰ ভিতৰত সাতখনে ৰঙা ৰঙৰ ব্যৱসায় কৰাৰ বিপৰীতে দুখন বজাৰত শক্তিশালী লাভ হৈছে। হেং চেং সূচকাংক ২৭২.৮৮ পইণ্ট বা ১.০৩ শতাংশ বৃদ্ধিৰে ২৬,৪৩২ পইণ্টত ব্যৱসায় কৰা হৈছে। চাংহাই কম্পোজিট সূচকাংক ০.৬৩ শতাংশ বৃদ্ধি পাই ৩,৮৪৫.৯১ পইণ্টত উপনীত হৈছে।
আনহাতে, গিফ্ট নিফটিেয় ২৫,১০৪ পইণ্টত ব্যৱসায় কৰে, যিটো ১৪০ পইণ্ট বা ০.৫৫ শতাংশ হ্ৰাস পাইছে। কোস্পি সূচকাংক ০.৮৭ শতাংশ হ্ৰাস পাই ৩৪৫৬ পইণ্টত উপনীত হৈছে। ইয়াৰ উপৰিও টাইৱান ওজনযুক্ত সূচকাংক ০.৩৭ শতাংশ হ্ৰাস পাই ২৬,১৫১.০৭ পইণ্ট, ষ্ট্ৰেইটছ টাইমছ সূচকাংক ০.১৯ শতাংশ হ্ৰাস পাই ৪,২৯৪.৪৪ পইণ্ট, নিকেই সূচকাংক ০.১২ শতাংশ হ্ৰাস পাই ৪৫,৪৩৮ পইণ্ট, জাকাৰ্টা কম্পোজিট সূচকাংক ০.০২ শতাংশ হ্ৰাস পাই ৮,১২৩.২৭ পইণ্ট আৰু এছ ই টি কম্পোজিট সূচকাংক ০.০৪ পইণ্টৰ প্ৰতীকী হ্ৰাসৰ সৈতে ১,২৭৩.১৬ পইণ্টত ব্যৱসায় কৰা দেখা গৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া