আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ- মুখ্যমন্ত্ৰী
গুৱাহাটী, ২৪ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যু এতিয়া এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। সমগ্ৰ অসমবাসীয়েই নহয় সমগ্ৰ বিশ্বত থকা জুবিন প্ৰেমীসকলে জুবিনৰ মৃত্যু এক স্বাভাৱিক তথা দুৰ্ঘটনা বুলি ধৰি লোৱা নাই। সকলোৰে মনত আজি সন্দেহ এটায়ে যেন এয়া কোনো প
জুবিন গাৰ্গ


গুৱাহাটী, ২৪ ছেপ্টেম্বৰ (হি.স.)। জুবিন গাৰ্গৰ মৃত্যু এতিয়া এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। সমগ্ৰ অসমবাসীয়েই নহয় সমগ্ৰ বিশ্বত থকা জুবিন প্ৰেমীসকলে জুবিনৰ মৃত্যু এক স্বাভাৱিক তথা দুৰ্ঘটনা বুলি ধৰি লোৱা নাই। সকলোৰে মনত আজি সন্দেহ এটায়ে যেন এয়া কোনো পৰিকল্পিত হত্যাকাণ্ড নহয়তো। সেয়েহে আজি সকলোতে জুবিন দাৰ মৃত্যুৰ উচিত তদন্তৰ দাবী তুলিছে যাতে কোনো কাৰণতে দোষী সাৰি নাযায়।

জুবিনৰ এজন গুণমুগ্ধ তথা ফেন হিচাবে অসমৰ মুখ্যমন্ত্ৰীয়েও জুবিন দাৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে প্ৰতিশ্ৰুতি দিয়াৰ দৰেই এতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন কৰিবলৈ সকলো সম্ভৱ প্ৰচেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে আজি সামাজিক মাধ্যমত কয় যে, আমাৰ মৰমৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ সম্পৰ্কত আমি কাকো ৰেহাই নিদিওঁ। তেওঁ কয়, 'আজি অসমৰ মুখ্য সচিবকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান আৰু এ ডি জি পি, চি আই ডিৰ সৈতে এখন বৈঠকত মিলিত হওঁ৷ আৰক্ষী সঞ্চালকপ্ৰধানক অসম আৰক্ষীৰ সুদক্ষ বিষয়াৰে এক বিশেষ তদন্তকাৰী গোট (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। ভিচেৰাৰ নমুনা বিতং পৰীক্ষাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় ফৰেনছিক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ'ব। এছ আই টিৰ ওচৰত সম্পূৰ্ণ পেছাদাৰী সততাৰে গোচৰটোৰ তদন্ত কৰাৰ সম্পূৰ্ণ স্বাধীনতা থাকিব।'

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande