নুমলীগড় পুৰাবাংলাৰ বকিয়াল খণ্ড বন কায্যালয়ত উত্তপ্ত পৰিস্থিতি
নুমলীগড় পুৰাবাংলাৰ বকিয়াল খণ্ড বন কায্যালয়ত উতপ্ত পৰিস্থিতি।
নুমলীগড় পুৰাবাংলাৰ বকিয়াল খণ্ড বন কায্যালয়ত উত্তপ্ত পৰিস্থিতি


গোলাঘাট, ২৪ ছেপ্টেম্বৰ (হি.স.): গোলাঘাট জিলাৰ নুমলীগড় পুৰাবাংলাৰ বকিয়াল খণ্ড বন কায্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিনা কাৰণত একাংশ ডাম্পাৰ গাড়ী জব্দ কৰা আৰু শিল বালি সৰবৰাহৰ নথিপত্ৰ যোগান ধৰিব নোৱাৰাৰ বাবে উত্তপ্ত হৈ পৰে পৰিস্থিতি।

নুমলীগড়ৰ অঞ্চলৰ একাংশ শিল বালি ব্যৱসায়ী, ডাম্পাৰ মালিকে ঘেৰাও কৰি আৱদ্ধ কৰিলে এটিএফ যুৱৰাজ সিং ডিগৰা আৰু বনাঞ্চলিক বিষয়া লক্ষেশ্বৰ দাসক। দীৰ্ঘদিনে গোলাঘাট জিলাত একাংশ বন বিষয়া নেতৃত্বত চলি আহিছে শিল বালি । ইফালে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী দল সহ বন বিভাগৰ বৃহৎ দল।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande