টাইৱানত ৰাগাছা ঘূৰ্ণি বতাহৰ বিধ্বংসী ৰূপ ধাৰণ, ১৪ জন লোকৰ মৃত্যু
টাইপেই, ২৪ ছেপ্টেম্বৰ (হি.স.)। টাইৱানত ৰাগাছা ঘূৰ্ণি বতাহে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ধুমুহাৰ ফলত সৃষ্টি হোৱা ক্ষন্তেকীয়া বানপানীৰ ফলত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হৈ আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত
कथा सुनने के लिए जुटे श्रद्धालु।


টাইপেই, ২৪ ছেপ্টেম্বৰ (হি.স.)। টাইৱানত ৰাগাছা ঘূৰ্ণি বতাহে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। ধুমুহাৰ ফলত সৃষ্টি হোৱা ক্ষন্তেকীয়া বানপানীৰ ফলত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হৈ আছে। ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। মানৱীয় যিকোনো ভুলৰ তদন্তৰ নিৰ্দেশ দিছে প্ৰধানমন্ত্ৰী চো জং-টাই।

ৰাগাছা ঘূৰ্ণি বতাহৰ ফলত হুয়ালিয়ান কাউন্টিৰ গুৱাংফু টাউনশ্বিপৰ এটা বেৰিয়াৰ হ্ৰদত হঠাতে হোৱা বানত ১৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। স্থানীয় অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াসকলৰ মতে, চুনামীৰ দৰে ক্ষন্তেকীয়া বানপানীয়ে এখন দলং উটুৱাই লৈ যায় আৰু তাৰ ফলত শ শ বাহন বুৰাই পেলায়। গুৱাংফু টাউনশ্বিপত বানপানীৰ ফলত শ শ ঘৰ ডুব গৈছে।

বিষয়াসকলৰ মতে, বানপানীৰ বাবে ১৮ জন লোক আহত হোৱাৰ লগতে ১২৪ জনতকৈ অধিক লোক সন্ধানহীন হৈ আছে। প্ৰায় ৩০০ লোক অঞ্চলটোত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। অঞ্চলটোত অব্যাহত আছে সাহায্য আৰু উদ্ধাৰ অভিযান। সমগ্ৰ দ্বীপটোত ৮ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা ভিডিঅ’ত দেখা গৈছে যে মানুহে উদ্ধাৰকাৰী দলৰ বাবে ছাদত অপেক্ষা কৰি আছে।

ইফালে ধুমুহা দ্ৰুতগতিত হংকং আৰু দক্ষিণ চীনৰ কাষ চাপিছে। হংকঙত প্ৰচণ্ড বৰষুণ আৰু প্ৰচণ্ড বতাহৰ বাবে শ শ বিমান যাত্ৰা বাতিল হোৱাৰ বিপৰীতে মাকাউত বিদ্যুৎ বন্ধ হৈ পৰিছে।

ধুমুহাই গুৱাংডং উপকূল পোৱাৰ সম্ভাৱনা থকাৰ বাবে চীনে ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা প্ৰায় ২০ লাখ লোকক উলিয়াই আনিছে।

মন কৰিবলগীয়া যে ফিলিপাইনছত ৰাগাছাৰ ফলত ২১ জন লোকৰ মৃত্যু হৈছে। সাহায্য আৰু উদ্ধাৰ অভিযান পূৰ্ণগতিত চলি আছে, কিন্তু ইয়াৰ ফলত হোৱা লোকচানৰ প্ৰাৰম্ভিক অনুমান কোটি কোটি টকা হোৱাৰ অনুমান কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande