নাজিৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ীক প্ৰতিষ্ঠান স্মাৰ্ট পইণ্টত স্মাৰ্ট চোৰ , কৰ্মচাৰীয়ে ধৰি গতালে আৰক্ষীক
শিৱসাগৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। নাজিৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ীক প্ৰতিষ্ঠান স্মাৰ্ট পইণ্টত স্মাৰ্ট চোৰ l কৰ্মচাৰীয়ে ধৰি গতালে আৰক্ষীক l আজি দিনদুপৰতে নাজিৰা নগৰৰ মাজমজিয়াস্থ ৮ নং ৱাৰ্ডত থকা প্ৰতিষ্ঠিত ব্যৱসায়ীক প্ৰতিষ্ঠান স্মাৰ্ট পইণ্টত স্মাৰ্ট চোৰ
নাজিৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ীক প্ৰতিষ্ঠান স্মাৰ্ট পইণ্টত স্মাৰ্ট চোৰ l  কৰ্মচাৰীয়ে ধৰি গতালে আৰক্ষীক l


শিৱসাগৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। নাজিৰাৰ প্ৰতিষ্ঠিত ব্যৱসায়ীক প্ৰতিষ্ঠান স্মাৰ্ট পইণ্টত স্মাৰ্ট চোৰ l কৰ্মচাৰীয়ে ধৰি গতালে আৰক্ষীক l

আজি দিনদুপৰতে নাজিৰা নগৰৰ মাজমজিয়াস্থ ৮ নং ৱাৰ্ডত থকা প্ৰতিষ্ঠিত ব্যৱসায়ীক প্ৰতিষ্ঠান স্মাৰ্ট পইণ্টত স্মাৰ্ট চোৰে কৌশলেৰে চোৰ কৰিবলৈ গৈ হাতে লোতে ধৰা পৰি ৰঙাঘৰৰ আলহী হ'ব লগা হ'ল এজন যুৱক।জনা মতে চেৰেকাপাৰৰ তিনিজন যুৱক ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ ভিতৰত প্ৰৱেশ কৰি তিনিওজনে বস্তু ক্ৰয় কৰাৰ চলেৰে এজনে কৌশলেৰে এটা মূল্যৱান বস্তু চোলাৰ ভিতৰত সোমোৱাই লয়।সেই সময়তে তিনিওজনকে নিৰিক্ষণ কৰি থকা কৰ্ত্তব্যৰত কৰ্মচাৰীয়ে যুৱক এজনক ধৰিবলৈ সক্ষম হয় যদিও আন দুজন কৌশলেৰে পলায়ন কৰে । লগে লগে নাজিৰা আদৰ্শ আৰক্ষী থানালৈ খবৰ দিয়াত যথা স্থানত আৰক্ষীৰ দল উপস্থিত হয় আৰু চোৰটোক নাজিৰা আৰক্ষীক গতাই দিয়ে ।আৰক্ষীয়ে পলায়ন কৰা আন দুটা চোৰক কৰায়ত্ব কৰিবৰ বাবে অভিযান অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande