কোচবিহাৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণত শোকাকুল সমগ্ৰ অসম। অসম বাসীয়ে শতস্ফূৰ্ত ভাৱে বন্ধ ৰাখিছে দোকান পোহৰ অনুষ্ঠান প্ৰতিষ্ঠান। শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ অসমৰ চুকে কোনে উলিওৱা হৈছে শোভাযাত্ৰা। জ্ঞাপন কৰা হৈছে শ্ৰদ্ধাঞ্জলি।
অকল অসমতে নহয় চুবুৰীয়া ৰাজ্য পশ্চিমবঙ্গৰ বিভিন্ন স্থানতো শিল্পী গৰাকীক জ্ঞাপন কৰা হৈছে শ্ৰদ্ধাঞ্জলি। চুবুৰীয়া ৰাজ্য খনৰ কোচবিহাৰ জিলাৰ বক্সীৰহাটতো শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত আগত মমবাতি জ্বলাই শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি দি তথা শিল্পী গৰাকীৰ কালজয়ী গীত গাই অশ্ৰূষিক্ত নয়নেৰে অনুৰাগীয়ে জ্ঞাপন কৰে শ্ৰদ্ধাঞ্জলি।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা