ধিং বিদ্যুৎ উপসংমণ্ডল অন্তৰ্গত বটদ্ৰৱা নিয়ন্ত্ৰণ ক্ক্ষৰ পৰা বুজন পৰিমাণৰ কণ্ডাক্টৰ চুৰি
নগাওঁ, ২৪ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ ধিং বিদ্যুত উপসংমণ্ডল অন্তৰ্গত বটদ্ৰৱা নিয়ন্ত্ৰণ ক্ক্ষৰ পৰা বুজন পৰিমাণৰ কণ্ডাক্টৰ(এলুমিনিয়াম তাঁৰ) চুৰি কৰা হৈছে। উদ্বেগজনক ভাবে যোৱা ২২ ছেপ্টেম্বৰৰ নিশা আৰু যোৱা নিশা হোৱা, দুদিনীয়াকৈ হোৱা এই ধাৰাবাহিক চ
ধিং বিদ্যুৎ উপসংমণ্ডল অন্তৰ্গত বটদ্ৰৱা নিয়ন্ত্ৰণ ক্ক্ষৰ পৰা বুজন পৰিমাণৰ কণ্ডাক্টৰ চুৰি


নগাওঁ, ২৪ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলাৰ ধিং বিদ্যুত উপসংমণ্ডল অন্তৰ্গত বটদ্ৰৱা নিয়ন্ত্ৰণ ক্ক্ষৰ পৰা বুজন পৰিমাণৰ কণ্ডাক্টৰ(এলুমিনিয়াম তাঁৰ) চুৰি কৰা হৈছে। উদ্বেগজনক ভাবে যোৱা ২২ ছেপ্টেম্বৰৰ নিশা আৰু যোৱা নিশা হোৱা, দুদিনীয়াকৈ হোৱা এই ধাৰাবাহিক চুৰিকাণ্ডত প্ৰায় ১৫ লাখ টকাৰ এলুমিনিয়াম তাঁৰ লৈ উধাও হয় চুৰ।

বটদ্ৰৱা আৰক্ষী থানাৰ পৰা ৫০০ মিটাৰ নিলগত বটদ্ৰৱাৰ শান্তিজান বজাৰত থকা নিয়ন্ত্ৰণ কক্ষত হোৱা এই চুৰিকাণ্ডৰ ঘটনাৰ বাবে চিন্তিত হৈ পৰিছে ৰাইজ। শীঘ্ৰে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande