শ্ৰীভূমি, ২৪ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমিৰ পাথাৰকান্দিত যোৱাকালি মঙলবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত এজন অটো ৰিক্সাৰ চালকৰ মৃত্যু হোৱাৰ সমান্তৰালভাৱে আহত হৈছে এজন যাত্ৰী। নিশা প্ৰায় ১১.৩০ মান বজাত অসম ত্ৰিপুৰা সংযোগী আট নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাসত এলেকাত সংঘটিত হৈছে এই ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত দোহালিয়া ২ নম্বৰ ৱৰ্ড'ৰ পাৰ্থ মালাকাৰ (প্ৰতাপ) নামৰ লোকজন। জানিব পৰামতে, এএছ ১০ বিচি ৪৯১২ নম্বৰৰ অটো ৰিক্সা আৰু টিআৰ ০৫ জি ১৭৯৬ নম্বৰৰ বলেৰো পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষত এই ঘটনা সংঘটিত হয় । অনুমান কৰা হৈছে, নিশা অচিনাকী কোনো দ্ৰুত গতিত থকা বাহনে অটো ৰিক্সাৰ পাছফালে খুন্দা মাৰি পলায়ন কৰিছিল আৰু অটোখন পথৰ কাষত থকা খেতিপথাৰত বাগৰি পৰে । যাৰ ফলত আটো ৰিক্সা আৰু বলেৰো পিক আপ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল। ঘটনাৰ পিছত স্থানীয় ৰাইজৰ তৎপৰতাত অটোৰিক্সাৰ চালক সহ যাত্ৰী এজনক পাথাৰকান্দি ব্লক প্ৰাথমিক চিকিৎসালয়লৈ লৈ যোৱা হয়।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা