তামুলপুৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰ জিলাৰ হাতীডুবাত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্য়াহত আছে। হাতীডুবাত যোৱাকালি মঙলবাৰে নিশা বিমল বৰ্মন নামৰ লোক এজন ঘৰ দুৱা ভাঙে হতীয়ে। হাতীৰ জাকৰ পৰা এটা হাতী ফালৰি কাটি গাঁৱত প্ৰৱেশ কৰি এনেদৰে ঘৰ দুৱাৰ ভাঙি পেলায় ৷
ইফালে আজি খৱৰ লাভ কৰিয়েই স্থানীয় বিধায়ক জলেন দৈমাৰী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ ভাৰত ভুটহন সীমান্তত এনেদৰেই হাতীৰ জাকে আশ্ৰয় গ্ৰহণ কৰি আহিছে ৷ খাদ্যৰ সন্ধানত নামনিত প্ৰবেশ কৰি নিশা হলেই হাতীয়ে গাঁৱত প্ৰৱেশ কৰি ঘৰবাৰ খেতিবাতিৰ অনিষ্ট সাধন কৰি আহিছে ৷
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা