গুৱাহাটী, ২৪ ছেপ্টেম্বৰ (হি.স.)। বৰ্ষৰ চলিত “স্বচ্ছতা হি সেৱা” অভিযানৰ অংশ হিচাপে, উত্তৰ-পূব সীমান্ত ৰেলৱেই ইয়াৰ বিভিন্ন মণ্ডলত স্বচ্ছতা, পুনঃব্যৱহাৰ আৰু স্থায়ী অনুশীলনৰ দিশত সচেতনতা বৃদ্ধিৰ বাবে এক ধাৰাবাহিক কাৰ্যসূচীৰ আয়োজন কৰিছে। এই কাৰ্যসূচীসমূহ ৰেলৱে ষ্টেচন, কাৰ্যালয়, ৰেলৱে চিকিৎসালয়, ৱৰ্কশ্বপ আৰু ৰেলৱে কলনীসমূহত ৰেলৱে বিষয়াবৰ্গৰ উৎসাহজনক অংশগ্ৰহণেৰে সম্পন্ন হয়।
গুৱাহাটী ৰেলৱে ষ্টেচনত এখন “বৰ্জ্য সামগ্রীৰ পৰা শিল্প”ৰ প্ৰদৰ্শনী আৰু বিক্ৰী ব্যৱস্থা সফলভাৱে আয়োজন কৰা হয়, য’ত পুনঃব্যৱহাৰযোগ্য আৰু পুনঃব্যৱহৃত সামগ্ৰীৰ পৰা নিৰ্মিত নৱীনতম সামগ্ৰীৰ প্ৰদৰ্শন কৰা হয়। এই প্ৰদৰ্শনীয়ে বিশেষকৈ প্লাষ্টিক বৰ্জ্য পদাৰ্থৰ পৰা সৃজনীশীল পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰিডিউচ, ৰিইউচ আৰু ৰিচাইকেল (আৰআৰআৰ) নীতিসমূহকেই প্ৰতিফলিত কৰে। পৰিত্যক্ত প্লাষ্টিক আৰু অন্যান্য পুনঃব্যৱহাৰযোগ্য সামগ্ৰীৰ পৰা প্ৰস্তুত বিভিন্ন সামগ্ৰী এই প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা হয়। এই পদ্ধতিয়ে বৰ্জ্য পদাৰ্থক কেনেকৈ দৈনন্দিন জীৱনৰ বাবে মূল্যৱান ব্যৱহাৰযোগ্য উপযোগী আৰু নান্দনিক সামগ্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰি তাকেই প্ৰদৰ্শন কৰে। এই পদক্ষেপে কেৱল উদ্ভাৱনীমূলক বৰ্জ্য পদাৰ্থ ব্যৱস্থাপনা পদ্ধতিৰ ওপৰতেই আলোকপাত কৰাই নহয়, আনহাতে জনসাধাৰণক পৰিৱেশ-হিতৈষী জীৱনশৈলী গ্ৰহণৰ বাবেও উৎসাহিত কৰে।
ইয়াৰ উপৰিও, উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত কল’নী কম্পোষ্ট প্লেণ্ট “পুনঃব্যৱহাৰযোগ্য সামগ্ৰী বিক্ৰী”ৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই উপলক্ষে, প্লেণ্টত জৈৱ-পচনশীল বৰ্জ্য পদাৰ্থৰ পৰা উৎপাদিত পচনসাৰ বাসিন্দাসকলক বিক্ৰীৰ বাবে আগবঢ়োৱা হয়। এই কাৰ্যসূচীৰ লক্ষ্য আছিল কম্পোষ্টিঙৰ লাভালাভৰ বিষয়ে সচেতনতাৰ প্ৰসাৰ আৰু ঘৰুৱা জৈৱ বৰ্জ্য পদাৰ্থক বাগিচা আৰু কৃষিৰ বাবে মূল্যৱান সাৰলৈ ৰূপান্তৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।
উত্তৰ-পূব সীমান্ত ৰেলৱেই “স্বচ্ছতা হি সেৱা” অভিযানৰ বিভিন্ন কাৰ্যসূচী যেনে পৰিস্কাৰ-পৰিচ্ছন্নতা অভিযান, সচেতনতাৰ কাৰ্যসূচী, পৰিৱেশ-হিতৈষী সামগ্ৰীৰ বিতৰণ আৰু পুনঃব্যৱহাৰযোগ্য পদ্ধতিৰ প্ৰচাৰৰ জৰিয়তে সক্ৰিয়ভাৱে উদযাপন কৰি আহিছে। এই পদক্ষেপসমূহে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ পৰিষ্কাৰ আৰু সেউজ পৰিৱেশ সৃষ্টিৰ প্ৰতি নিজৰ সমৰ্পন আৰু কৰ্মচাৰী ও জনসাধাৰণৰ মাজত সামূহিক দায়িত্ববোধ প্ৰসাৰৰ ওপৰতেই গুৰুত্ব আৰোপ কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী