নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। বলীউডৰ অভিনেতা সোণু ছুদ বুধবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হয় । ইডিয়ে তেওঁক অবৈধ অনলাইন বেটিং এপ (‘ৱানxবেট’)ৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰৰ সন্দৰ্ভত জেৰা কৰি আছে।
চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, ৫২ বছৰীয়া অভিনেতা সোনু ছুদ নতুন দিল্লীৰ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰায় দিনৰ ১২ মান বজাত। গোচৰটোৰ তদন্তকাৰী বিষয়াই অভিনেতা সোণু ছুদক সোধা-পোছা কৰি তেওঁৰ বক্তব্য প্ৰিভেনচন অৱ মানি লণ্ডাৰিং এক্ট (পিএমএলএ), ২০০২ৰ অধীনত লিপিবদ্ধ কৰিব।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে এতিয়ালৈকে এই গোচৰত প্ৰাক্তন ক্ৰিকেটাৰ সুৰেশ ৰাইনা, শিখৰ ধাৱন, ৰবিন উথাপ্পা, আৰু যুৱৰাজ সিঙৰ লগতে টিএমচিৰ প্ৰাক্তন সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰৱৰ্তী আৰু বাঙালী অভিনেতা অংকুশ হাজৰাক জেৰা কৰিছে। মঙলবাৰে ইডিয়ে একেটা গোচৰতে প্ৰায় ৭ ঘণ্টা ধৰি ভাৰতৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ যুৱৰাজ সিঙক জেৰা কৰে।
‘ৱানxবেট’ অনলাইন বেটিং এপৰ কাৰ্য্যকলাপৰ এই তদন্ত হৈছে কোটি কোটি টকাৰ লোকক প্ৰতাৰণা কৰাৰ লগতে বিপুল পৰিমাণৰ প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ ফাঁকি দিয়াৰ অভিযোগত অভিযুক্ত প্লেটফৰ্মৰ বিৰুদ্ধে ইডিৰ ব্যাপক তদন্তৰ অংশ।
हिन्दुस्थान समाचार / অৰৱিন্দ