টেষ্ট আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা বিৰতি বিচাৰিছে শ্ৰেয়াছ আয়াৰ, নিজৰ ফিটনেছৰ ওপৰত গুৰুত্ব
নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়েৰে টেষ্ট আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে। আয়াৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক অনুৰোধ জনাইছে যে তেওঁক আপাততঃ ৰেডবল ক্ৰিকেটৰ পৰা বিৰতি ল’বলৈ অনু
भारतीय बल्लेबाज श्रेयस अय्यर


নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় মিডল অৰ্ডাৰ বেটছমেন শ্ৰেয়াছ আয়েৰে টেষ্ট আৰু প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ পৰা বিৰতি লোৱাৰ সিদ্ধান্ত লৈছে। আয়াৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডক অনুৰোধ জনাইছে যে তেওঁক আপাততঃ ৰেডবল ক্ৰিকেটৰ পৰা বিৰতি ল’বলৈ অনুমতি দিব লাগে যাতে তেওঁ নিজৰ ফিটনেছত পুনৰ মনোনিৱেশ কৰিব পাৰে।

ক্ৰিকবাজৰ এক প্ৰতিবেদন অনুসৰি লক্ষ্ণৌত অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে চাৰিদিনীয়া খেলখনৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে, য’ত আয়াৰ অধিনায়ক আছিল। অৱশ্যে খেলৰ অন্তত বিচিচিআই আৰু বাছনি সমিতিৰ অধ্যক্ষ অজিত আগৰকাৰৰ সৈতে বাৰ্তালাপ কৰি বিৰতিৰ ইচ্ছা প্ৰকাশ কৰে।

চলিত মাহৰ আৰম্ভণিতে খেলা ডুলিপ ট্ৰফী মেচখনৰ সময়ত আয়াৰে পিঠিৰ অস্বস্তিৰ সন্মুখীন হৈছিল। ইণ্ডিয়া এ আৰু অষ্ট্ৰেলিয়া এৰ মাজত অনুষ্ঠিত হোৱা খেলখনতো তেওঁ একে সমস্যাৰ সন্মুখীন হৈছিল। পিছত তেওঁ বিচিচিআইৰ ফিজিঅ’ আৰু ইণ্ডিয়া এৰ প্ৰশিক্ষক হৃষিকেশ কণিতকাৰৰ সৈতে এই বিষয়ে আলোচনা কৰি নিজৰ পৰিস্থিতিৰ বিষয়ে লিখিতভাৱে ব’ৰ্ডক অৱগত কৰে।

২০২৩ চনত আয়াৰে পিঠিৰ অস্ত্ৰোপচাৰ কৰিছিল। অৱশ্যে তেওঁ স্পষ্ট কৰি দিছে যে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱা নাই, বৰঞ্চ নিজৰ ফিটনেছৰ ওপৰত কাম কৰি শক্তিশালীভাৱে ঘূৰি আহিব। ফলস্বৰূপে এই ছিজনত তেওঁ মুম্বাইৰ ৰঞ্জী দলৰ পৰাও বাদ পৰাৰ সম্ভাৱনা আছে। আয়াৰে এতিয়ালৈকে ১৭খন টেষ্ট আৰু ৭০খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে।

ৰেডবল ক্ৰিকেটৰ পৰা বিৰতি লোৱাৰ পিছতো আয়েৰে বগা বলৰ ফৰ্মেটত সক্ৰিয় হৈ থাকিব। অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া টিম ইণ্ডিয়াৰ এদিনীয়া শৃংখলাৰ বাবে তেওঁক শক্তিশালী প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হয়। তদুপৰি টি-২০ আন্তঃৰাষ্ট্ৰীয় দলতো স্থান পাব পাৰে। ১৯ অক্টোবৰৰ পৰা ৮ নৱেম্বৰলৈ চলিব ভাৰত ভ্ৰমণ, তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande