পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান
বাক্সা, ২৪ ছেপ্টেম্বৰ (হি.স.)। পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ''ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। আজিৰে পৰা ২০২৫-২৬ পৰ্যটন বৰ্ষৰ কাৰণে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হয় বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই উপলক্ষে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱ
পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান


বাক্সা, ২৪ ছেপ্টেম্বৰ (হি.স.)। পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। আজিৰে পৰা ২০২৫-২৬ পৰ্যটন বৰ্ষৰ কাৰণে পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হয় বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই উপলক্ষে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰৰ পৰা দ্বিতীয় তথা মুখ্য প্ৰৱেশদ্বাৰলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ পোহনীয়া হাতীৰ সহায়ত এক সজাগতা সমদল উলিওৱা হয়।

ইয়াৰ পাছতেই ৰঙাফিটা কাটি আনুষ্ঠানিকভাৱে মানাহৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে বিটিচিৰ বনবিভাগৰ চিএইচডি সুমন মহাপাত্ৰই। মানাহ মুকলি কৰি সংবাদমাধ্যমৰ আগত সুমন মহাপাত্ৰই কয় যে আজিৰে পৰা পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান। সকলো পৰ্যটকে নিজক সুৰক্ষিত ৰাখি সুন্দৰভাৱে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰিভ্ৰমণ কৰক। উল্লেখ্য যে আজিৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কাৰ্যসূচীত সদ্যপ্ৰয়াত অসমৰ হিয়াৰ আমঠু মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। আজিৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি কাৰ্যসূচীত মানাহ ব্যাঘ্ৰ প্ৰকল্প তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্র সঞ্চালক ড০ চি ৰমেশ, উপ ক্ষেত্র সঞ্চালক শশীধৰ ৰেড্ডী, বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাৰিন বড়োকে আদিকৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি, স্থানীয় প্ৰকৃতিপ্ৰেমী ৰাইজে অংশগ্রহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande