ওদালগুৰি, ২৪ ছেপ্টেম্বৰ (হি.স.): ওদালগুৰি চহৰত যোৱাকালি সন্ধিয়া ভোজপুৰী সমাজ, ই ৰিক্সা চালক সন্থা আৰু ওদালগুৰিৰ ভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে হাতে হাতে মমবাতি লৈ জুবিন গাৰ্গক শ্ৰদ্ধা জনাই ওদালগুৰি ৰাজপথত বিশাল সমদল বাহিৰ কৰে। স্থানীয় আছুৰ শ্বহীদ বেদীৰ প্ৰাংগনত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ তলত সকলোৱে বন্তি প্ৰজ্বলনেৰে শেষ শ্ৰদ্ধাঞ্জলি জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ