টিহূ নগৰত পাচ হাজাৰ বন্তি জ্বলাই পূস্পাঞ্জলি প্ৰদানেৰে কন্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন
টিহূ নগৰত পাচ হাজাৰ বন্তি জ্বলাই পূস্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কন্ঠশিল্পী জুবিন গাৰ্গক।
টিহূ নগৰত পাচ হাজাৰ বন্তি জ্বলাই পূস্পাঞ্জলি প্ৰদানেৰে কন্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন


নলবাৰী, ২৪ ছেপ্টেম্বৰ (হি.স.): অন্তিম সৎকাৰৰ পিছত যোৱাকালি মঙলবাৰে সন্ধিয়া নলবাৰী জিলাৰ টিহূ নগৰত পাচ হাজাৰ বন্তি জ্বলাই পূস্পাঞ্জলি প্ৰদানেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কন্ঠশিল্পী জুবিন গাৰ্গক। কালি অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অন্তিম সৎকাৰৰ পিছত বৃহত্তৰ টিহুবাসী ৰাইজে টিহু নগৰৰ মাজ মজিয়াত পাছ হাজাৰ বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়।

উক্ত এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী জিলাৰ প্ৰতিনিধি সকলৰ লগতে টিহু আঞলিক ছাত্ৰসন্থা, বিশিষ্ট ব্যক্তিসকল, সংবাদ মাধ্যমৰ সাংবাদিক সকলৰ লগতে ২৪ টা স্হানীয় দল সংগঠন আৰু বৃহত্তৰ টিহুবাসী ৰাইজে এগছিকৈ বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে প্ৰিয় শিল্পী গৰাকীক। ইয়াৰ পিছত উপস্হিত সকলোৱে শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি মৌন পাৰ্থনা কৰি জুবিন গাৰ্গৰ প্ৰতিজনৰ মুখে মুখে নিগৰি থকা মায়াবিনী গীতৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰণি পৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande