কোকৰাঝাৰ, ২৪ ছেপ্টেম্বৰ (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত যোৱাকালি সন্ধিয়া শ্ৰীৰামপুৰ ব্যবসায়ী সমিতিৰ উদ্যোগত অসমৰ জনপ্ৰিয় শিল্পী প্ৰয়াত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মূখত মমবাতি জ্বলাই অঞ্চলটোৰ জুবিন গাৰ্গৰ বহু অনুৰাগীৰ উপস্থিতিত শ্ৰদ্ধাঞ্জলি জনায়।
উপস্থিত থকা কেইজনে প্ৰয়াত জুবিন গাৰ্গৰ বিষয়ে আলোকপাত কৰাৰ লগতে শ্ৰীৰামপুৰ ব্যবসায়ী সমিতিৰ সাধাৰণ সম্পাদক মহাদেব ৰায়ে কয় যে জুবিন গাৰ্গ হ'ল অবদান অসমৰ সংগীত জগতত অমূল্য। অসমৰ সম্পদ আছিল জুবিন গাৰ্গ। তেওঁক এদিনো পাহৰিব পৰা নেযাব আৰু তেওঁৰ গান সদায় অসমবাসীৰ হৃদয়ত থাকিব। উপস্থিত সকলোয়ে ক্ষন্তেক সময় মৌন প্ৰাৰ্থনা কৰি শিল্পীগৰাকীৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ