অন্তিম সৎকাৰৰ পিছত গোলাঘাট বাটা পইন্টত ৫০০০ হাজাৰ বন্তি জ্বলাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন
অন্তিম সৎকাৰৰ পিছত গোলাঘাট বাটা পয়ন্তত ৫০০০ হাজাৰ বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন জুবিন গাৰ্গক।
অন্তিম সৎকাৰৰ পিছত গোলাঘাট বাটা পইন্টত ৫০০০ হাজাৰ বন্তি জ্বলাই জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন


গোলাঘাট, ২৪ ছেপ্টেম্বৰ (হি.স.): অসমীয়াৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অন্তিম সৎকাৰৰ পিছত গোলাঘাট বাসী ৰাইজে গোলাঘাট চহৰৰ মাজ মজিয়াত যোৱা কালি সন্ধিয়া ৫০০০ হাজাৰ বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে তেখেতৰ আত্মাৰ শান্তি কামনা কৰি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনায়।

এই কাৰ্যসূচীত বিশিষ্ট ব্যক্তিসকল, সংবাদ মাধ্যম, বিভিন্ন জাতি জনগোষ্ঠীৰ সংগঠনৰ লগতে গোলাঘাট বাসী ৰাইজে এগছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত বিভিন্ন জনে বক্তব্য, কবিতা গীত আদি গাই শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰধাঞ্জলী জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande