দৰং, ২৪ ছেপ্টেম্বৰ (হি.স.): দৰং জিলাৰ দলগাঁও আঞ্চলিক জাতীয় বিদ্যালয়ৰ উদ্যোগত যোৱাকালি মঙলবাৰে সন্ধিয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া দলগাঁও টাউন খেল পথাৰত অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠান।
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত জুবিন গাৰ্গৰ স্মৃতিত ১১১১ বন্তি প্ৰজ্বলন কৰে । এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত হাজাৰ হাজাৰ লোক দলগাঁও অঞ্চলৰ ৰাইজ উপস্থিত থাকে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ