বজালীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি
বজালীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি।
বজালীত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি


বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.): অন্তিম সংস্কাৰৰ পিছতো পাহৰিব পৰা নাই যুগনায়ক জুবিন গাৰ্গক। ঠায়ে ঠায়ে কালি নিশাও শ্ৰদ্ধাঞ্জলি যুগদস্তা গৰাকীক। অসমীয়াৰ হিয়াৰ স্পন্দন জুবিন গাৰ্গৰ মৃত্যুত সকলো মৃয়মান । গণ শিল্পী গৰাকীক স্মৰণ কৰি প্রতিঘৰৰ পদূলিযে পদুলিয়ে গাঁৱে গাঁৱে জ্বলালে বন্তি।

সমগ্ৰ অসমৰ লগতে বজালীৰ ভোটান্ত মহিতাৰা গাঁওখনতো জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। যেন প্ৰাণ পাই উঠিছে হিয়াৰ আমঠু জুবিন গাৰ্গ ।সকলোৱে লগ হৈ গাইছে মায়াবিনি ৰাতিৰ বুকুত । শ্ৰদ্ধাঞ্জলি স্থানৰ পৰা গণ শিল্পী গৰাকীৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি অসম চৰকাৰলৈ আহ্বান জনায়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande