বাক্সা, ২৪ ছেপ্তেম্বৰ (হি.স.)। পৰ্যটকৰ বাবে পুনৰ মুকলি কৰা হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান । মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় উদ্যানখন কৰ্তৃপক্ষই উলিয়াই এক পদযাত্ৰা কাৰ্যসূচী । হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান । ৰাষ্ট্ৰীয় উদ্যানৰ মুখ্যদ্বাৰ উদ্বোধন কৰিলে বিটিআৰৰ বন বিভাগৰ কেন্দ্ৰীয় বিভাগীয় মুৰব্বী সুমন মহাপ্ৰাত্ৰই ।
মুখ্যদ্বাৰ উদ্বোধনৰ সমান্তৰালকৈ আমাৰ মাজৰ পৰা হেৰাই যোৱা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিও এক মিনিট মৌনতা প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সংবাদমাধ্যমৰ আগত হোৱা সাক্ষাৎকাৰত সুমন মহাপ্ৰাত্ৰই কয় - পৰ্যটক সকলে কিছু দায়বদ্ধতাৰে মানাহ পৰিভ্ৰমণ কৰক। বহু দিন বন্ধৰ ফলত জীৱ জন্তুৱে জিৰনী লৈ আছিল, সেই বাবে সকলোৱে ভালদৰে মানাহ পৰিভ্ৰমণ কৰক। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাবে কৰ্তৃপক্ষই বহুত নতুন নতুন পৰিকল্পনা হাতত লোৱা হৈছে। সঘনাই গড়ে খেদি অহাৰ কাৰন সন্দৰ্ভত বহুখিনি সজাগতা কৰা হৈছে, সকলোৱে দায়বদ্ধতা পালন কৰা দৰকাৰ। জীৱ জন্তুৰ বহু খিনি কাৰনত মানুহৰ সমাগম হোৱাটো নিবিচাৰে। তাৰ মাজতে আমি দায়বদ্ধতাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান চাব লাগিব। জুবিন গাৰ্গৰ স্মৃতি কেনেকৈ আমি জীয়াই ৰাখিম তাক লৈ চিন্তা চৰ্চা কৰা হৈছে । সকলোৱে আমি দুখ অনুভৱ কৰিছো কাৰন জুবিনৰ সকলো গান আমি ভাল পাওঁ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ