এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে দুলীয়াজান
ডিব্ৰুগড়, ২৪ ছেপ্টেম্বৰ (হি.স.)। এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে দুলীয়াজানত । নিহত ছাত্ৰী গৰাকীৰ মৃতদেহ লৈ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। উল্লে
এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে দুলীয়াজান


ডিব্ৰুগড়, ২৪ ছেপ্টেম্বৰ (হি.স.)। এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি আজিও উত্তপ্ত পৰিস্থিতি অব্যাহত আছে দুলীয়াজানত । নিহত ছাত্ৰী গৰাকীৰ মৃতদেহ লৈ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। উল্লেখযোগ্য যে সোমবাৰে নিশা দুলীয়াজানৰ নতুন ডিৰিয়াল চাহ বাগিচাত হাৰ্টথ্ৰ' জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছিল। উক্ত অনুষ্ঠানৰ পৰা দুৰ্বৃত্তই এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীক কৌশলেৰে অপহৰণ কৰে। দুৰ্বৃত্তই প্ৰথমে ছাত্ৰী গৰাকীক বলাৎকাৰ কৰি পিচত নিৰ্মমভাৱে হত্যা কৰি মৃতদেহটো বাগিচাৰ এটা নলাত পেলাই পলায়ন কৰিছিল ।

মংগলবাৰে স্থানীয় ৰাইজে উক্ত বাগিচাৰ ১৭ নম্বৰ ছেকচনত এটা নলাত সম্পূৰ্ণ বিবস্ত্ৰ অৱস্থাত ছাত্ৰী মৃতদেহটো প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে। এই বাতৰি চৌদিশে বিয়পি পৰাত বাগিচাৰ শ্ৰমিক সকলৰ লগতে স্থানীয় ৰাইজে ৰাজপথলৈ ওলাই আহি সৃষ্টি কৰিছিল অভাৱনীয় পৰিস্থিতি । আনকি ক্ষুব্ধ ৰাইজে ছাত্ৰী গৰাকীৰ মৃতদেহ লৈ অভিযুক্তক অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান দাবীত পথ অৱৰোধ কাৰ্যসূচীৰে সাব্যস্ত কৰিছিল উত্তাল প্ৰতিবাদ। পিচত প্ৰশাসনে ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি কিছু ক্ষান্ত হৈছিল । ইফালে আৰক্ষীয়ে ছাত্ৰী গৰাকীৰ মৃতদেহটো ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিয়ে।

মংগলবাৰে আটছা,অসম চাহ মজদুৰ সংঘ,মুণ্ডা মহাসভাৰ লগতে কেইবাটাও দল-সংগঠনে স্থানীয় ৰাইজৰ সহযোগত এই ঘটনাৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ দাবী পুণৰ ছাত্ৰী গৰাকীৰ মৃতদেহ সন্মুখত লৈ পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে । ডিব্ৰুগড়-তিনিচুকীয়া-দুলীয়াজান সংযোগী মূল গড়কাপ্তানী পথটোৰ নতুন ডিৰিয়াল চাহ বাগিচাৰ মূল প্ৰৱেশ পথৰ সন্মুখত অৱৰোধ কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ। ইফালে প্ৰতিবাদস্থলীত বৃহৎ সংখ্যক আৰক্ষী মোতায়ন কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই । শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা লগত জড়িত দুই অভিযুক্ত দেওশাল চাহ বাগিচাৰ ১২ নম্বৰ শ্ৰমিক লাইনৰ সুদৰ্শন নায়ক আৰু সুনীল মুণ্ডাক গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় আদালতলৈ প্ৰেৰণ কৰিছে বুলি জানিবপৰা গৈছে। প্ৰতিবাদকাৰীয়ে এই ঘটনাৰ লগত জড়িত মূল অভিযুক্তক আৰক্ষীয়ে অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলিও প্ৰতিবাদকাৰীয়ে হুংকাৰ প্ৰদান কৰিছে । ইফালে এই পথ অৱৰোধ কাৰ্যসূচীৰ লগতে পথৰ ওপৰতে বহু লঘু আৰু গধুৰ যানবাহন আৱদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande