নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কাইলৈ ২৫ ছেপ্টেম্বৰ বৃহস্পতিবাৰে ছফদৰজং ৰেলৱে ষ্টেচনৰ পৰা বিশেষ ৰে’লযোগে উত্তৰ প্ৰদেশৰ বৃন্দাবনত উপস্থিত হ’ব ।
ৰাষ্ট্ৰপতি সচিবালয়ৰ মতে, বৃন্দাবনত দিনজোৰা থকাৰ সময়ছোৱাত ৰাষ্ট্ৰপতিয়ে বাংকে বিহাৰী মন্দিৰ, নিধিবন, আৰু কুবজা কৃষ্ণ মন্দিৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰিব। বৃন্দাবনৰ সুদামা কুটিও পৰিদৰ্শন কৰিব। ৰাষ্ট্ৰপতি মুৰ্মুৱে মথুৰাৰ শ্ৰীকৃষ্ণ জন্মভূমিও পৰিদৰ্শন কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ