পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আই এম এফ আৰু বিশ্ব বেংকক সহায়ৰ বাবে আবেদন
নিউয়ৰ্ক, ২৪ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ) আৰু বিশ্ব বেংকৰ মুৰব্বীসকলৰ সৈতে হোৱা বৈঠকত দেশৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে সাহায্যৰ আবেদন জনায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট
पाकिस्तानी प्र धानमंत्री शहबाज शरीफ


নিউয়ৰ্ক, ২৪ ছেপ্টেম্বৰ (হি.স.)। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (আই এম এফ) আৰু বিশ্ব বেংকৰ মুৰব্বীসকলৰ সৈতে হোৱা বৈঠকত দেশৰ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে সাহায্যৰ আবেদন জনায়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ ইয়াত উপস্থিত হোৱা শ্বৰীফে আই এম এফৰ পৰিচালন সঞ্চালক ক্ৰীষ্টালিনা জৰ্জিভাক সাক্ষাৎ কৰে আৰু এই সময়ত তেওঁ সহায়ৰ বাবে আবেদন জনায়। আই এম এফৰ ৩৭ মাহৰ বেইলআউট কাৰ্যসূচীৰ তৃতীয়টো পৰ্যালোচনাৰ বাবে অপেক্ষা কৰি থকাৰ সময়তে এই বৈঠক অনুষ্ঠিত হৈছে। আগষ্ট আৰু ছেপ্টেম্বৰ মাহত দেশখনত হোৱা বানপানীয়ে অৰ্থনীতিত ভয়াৱহ প্ৰভাৱ পেলাইছে, যাৰ ফলত শস্য, আন্তঃগাঁথনি, জীৱিকাৰ ওপৰত প্ৰভাৱ পৰিছে বুলি শ্বৰীফে কয়।

শ্বৰীফে আই এম এফক ৭ বিলিয়ন ডলাৰৰ এক্সটেণ্ডেড ফাণ্ড ফেচিলিটি কাৰ্যসূচীত নমনীয় হ’বলৈ আহ্বান জনায় যাতে পাকিস্তানে সাহায্য আৰু পুনৰ্বাসনৰ বাবে সম্পদ সংগ্ৰহ কৰিব পাৰে। পাকিস্তানত বানত ৪৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০০ৰো অধিক লোক আহত হোৱাৰ ফলত ব্যাপক স্থানচ্যুতিৰ সৃষ্টি হৈছে।

২০২২ চনত পাকিস্তানৰ বানপানীৰ উল্লেখ কৰি শ্বৰীফে জলবায়ু পৰিৱৰ্তনে পাকিস্তানক নেতিবাচক প্ৰভাৱ পেলাইছে বুলিও উল্লেখ কৰে।

ইফালে জৰ্জিভাই সহানুভূতি প্ৰকাশ কৰি জলবায়ু পুঁজিৰ অধীনত সাহায্যৰ সম্ভাৱনা বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। পাকিস্তানৰ শেহতীয়া সংস্কাৰ, যেনে কৰ সংগ্ৰহ বৃদ্ধি আৰু শক্তি খণ্ডৰ ৰাজসাহায্য হ্ৰাস কৰাৰ প্ৰশংসা কৰাৰ লগতে দেশখনৰ আন্তঃগাঁথনি উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইফালে, শ্বৰীফে বিশ্ব বেংক গোটৰ সভাপতি অজয় ​​বাংগাৰ সৈতেও সাক্ষাৎ কৰি পাকিস্তানৰ ব্যাপক সংস্কাৰ কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ সময়ত তেওঁ পাকিস্তানৰ প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত আলোকপাত কৰে, যাৰ ফলত ৩৩ বিলিয়ন ডলাৰৰ লোকচান হয়। শ্বৰীফে বিশ্ব বেংকৰ নতুন কান্ট্ৰী পাৰ্টনাৰশ্বিপ ফ্ৰেমৱৰ্ক নীতিক আদৰণি জনায়, যিয়ে পাকিস্তানক ৪০ বিলিয়ন ডলাৰৰ সহায় আগবঢ়াব। এই উপলক্ষে বাংগাই পাকিস্তানৰ সংস্কাৰক প্ৰশংসা কৰে আৰু সমৰ্থন অব্যাহত ৰখাৰ আশ্বাস দিয়ে। তেওঁ ব্যক্তিগত খণ্ডৰ বিনিয়োগক প্ৰসাৰিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত শ্বৰীফে বংগাৰ নেতৃত্বক প্ৰশংসা কৰি তেওঁৰ নেতৃত্বত বিশ্ব বেংকক অধিক কাৰ্যক্ষম আৰু উন্নয়নকেন্দ্ৰিক বুলি অভিহিত কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande